DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ : স্মাৰকপত্ৰ প্ৰদান

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 30, 2018 9:53 pm
অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ : স্মাৰকপত্ৰ প্ৰদান
109
VIEWS
Share on FacebookShare on Twitter

ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশীকৰণ সমস্যা সমাধান সন্দৰ্ভত নিৰ্ধাৰণ কৰি দিয়া ১৫ আগষ্টলৈ মাজত মাথো কেইমাহমানহে বাকী আছে যদিও বৰ্তমান মন্ত্ৰীগৰাকীৰ ঘোষণা অসাৰ প্ৰতিপন্ন হোৱাৰ দিশত অগ্ৰসৰ হৈছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ১৫ আগষ্টৰ ভিতৰত প্ৰাদেশীকৰণৰ সমস্যা সমাধান কৰা হ’ব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ পৰা অব্যাহতি লোৱাৰ পিছত তেনে ঘোষণা কাৰ্যকৰী হ’বনে তাক লৈ চিন্তিত হৈছে প্ৰাদেশীকৰণৰ বাবে আশা পালি থকা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকল।

আজি অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এটা প্ৰতিনিধি দলে শিক্ষা বিভাগত নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰী গৰাকীৰ গুৱাহাটীস্থিত বাসভৱনত সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয়।

ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি চবেদ ভূঞা, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই আলোচনাৰ কথা সদৰী কৰে।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি এই আলোচনা কালত শিক্ষা বিভাগৰ নতুন মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগত বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ মৌলিক পৰিৱৰ্তন অনাৰ বাবে পাৰ্যমানে চেষ্টা চলাব বুলি উল্লেখ কৰে। ৰাজ্যৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ সমস্যাসমূহ মন্ত্ৰীগৰাকীয়ে অৱগত বুলি উল্লেখ কৰি ভেন্সাৰ শিক্ষানুষ্ঠানৰ সংগঠনসমূহৰ সৈতে অতিশীঘ্ৰে আলোচনাত মিলিত হৈ এই সমস্যা সমাধানৰ বাবে আগবাঢ়িব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

লগতে প্ৰাদেশীকৰণ বিধেয়ক ২০১৭ৰ জৰিয়তে শিক্ষকসকলক ‘টিউটৰ’ সজাব খোজা কাৰ্যত মন্ত্ৰীগৰাকী দুখিত বুলি উল্লেখ কৰি বছৰ বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়োৱা শিক্ষকসকলক ‘টিউটৰ’ৰ পৰিৱৰ্তে শিক্ষক হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

শিক্ষা বিভাগৰ উন্নয়নৰ বাবে সচেতন ৰাইজৰ দিহা-পৰামৰ্শ বিচৰাৰ লগতে এনে গঠনমূলক দিহা-পৰামৰ্শইহে শিক্ষা বিভাগত পৰিৱৰ্তন অনাৰ চেষ্টা চলাব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। এই আলোচনাতে প্ৰতিনিধি দলটোৱে প্ৰাদেশীকৰণৰ সমস্যা সন্দৰ্ভত ৩০ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ শিক্ষামন্ত্ৰীগৰাকীক প্ৰদান কৰে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd