• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী মুৰি লিনগিৰ এভাৰেষ্ট জয়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 1:13 pm
Muri
114
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী হিচাপে এভাৰেষ্ট জয় কৰি সমগ্ৰ দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰয়িঙৰ বাসিন্দা মিৰি লিনগিয়ে।

উল্লেখযোগ্য যে চাৰিটা সন্তানৰ মাতৃ ৪০ বছৰীয়া লিনগিয়ে যোৱা ১৪ মে’ৰ পুৱা এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হয়।

যোৱা ৫ মাৰ্চত ৰাজ্যসভাৰ সাংসদ মুকুট মিথিয়ে লিনগিৰ যাত্ৰাৰ ফ্লেগ অফ কৰিছিল। আনহাতে ৰয়িঙৰ পৰা যাত্ৰা কৰি ৭ এপ্ৰিলত কাঠমাণ্ডুত উপস্থিত হোৱা লিনগিয়ে ১২ এপ্ৰিলৰ পৰা লুক্লাৰ পৰা মাউণ্ট এভাৰেষ্টলৈ যাত্ৰা কৰে।

অৱশ্যে প্ৰতিকূল বতৰৰ বাবে ২০ এপ্ৰিলত বেছ কেম্পত উপস্থিত হোৱা লিনগিৰ যাত্ৰা নাছিল সুখকৰ।সেয়েহে ১০ মে’ত পুনৰ এভাৰেষ্টলৈ যাত্ৰা আৰম্ভ কৰে লিনগিয়ে।

চাৰিদিন বিৰামবিহীনভাৱে দিনে- নিশাই যাত্ৰা কৰি অৱশেষত ১৪ ম’ৰ পুৱা এভাৰেষ্ট বিজয় কৰিবলৈ সক্ষম হয় এইগৰাকী অদমনীয় শক্তিৰ অধিকাৰী মহিলাই।

ভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি লিনগি সম্প্ৰতি সুস্থ অৱস্থাত আছে আৰু হয়তো কিছু দিনৰ ভিতৰতে তেওঁ ঘৰলৈ উভতি আহিব।

উল্লেখযোগ্য যে লিনগিয়ে টিনে মীনাৰ পৰা অনুপ্ৰেৰণা লাভ কৰি ২০১৩ চনত পৰ্বতাৰোহণৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মীনাৰ সৈতে তেওঁ কেইবাটাও অভিযানত অংশ লৈছিল আৰু ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল হিমাচল প্ৰদেশত এক মহিলা অভিযানকাৰী দলৰ সদস্য হিচাপে ৬,৬২২ মিটাৰ উচ্চতাৰ মেন্থোছা শৃংগ আৰোহণ।

সেই একে বৰ্ষতে তেওঁ ডিৰাঙৰ এন আই এম এ এছ আৰ্মি প্ৰতিষ্ঠানৰ পৰা পৰ্বতাৰোহণৰ এক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ২০১৬ চনত লিনগিয়ে এভাৰেষ্ট আৰোহণকাৰী অংশু জনছেম্পাৰৰ সৈতে আন এক মহিলা পৰ্বতাৰোহণ অভিযানত ৬,২২২ মিটাৰ উচ্চতাৰ গৰিচেন শৃংগ আৰোহণ কৰিছিল।

তাৰ পাছত লিনগিৰ এই সাফল্য স্বাভাৱিকত দেশৰ আন নাৰীসকলৰ বাবে হ’ব এক অনুপ্ৰেৰণাৰ অমল উৎস।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অৰুণাচলৰ মহিলা হিচাপে টিনে মীনা আৰু অংশু জনছেম্পাৰে এভাৰেষ্ট বিজয় কৰিছিল।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd