DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ যৌন কেলেংকাৰিয়ে জোকাৰিছে অসম বিশ্ববিদ্যালয়

অপর্ণা লস্কৰ by অপর্ণা লস্কৰ
July 27, 2018 8:03 am
sex-scandal-570x320

এ ইউ এছ ইউৰ সভাপতি মিলন দাসে ঘটনাৰ বলি ছাত্ৰীগৰাকীৰ সৈতে শিলচৰত সংবাদমেল সম্বোধন কৰিছে। ফটো : নৰ্থইষ্ট নাও

366
VIEWS
Share on FacebookShare on Twitter

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত এতিয়া অস্থিৰতাই বিৰাজ কৰিছে। কেইদিনমান আগতে অসম বিশ্ববিদ্যালয় ছাত্র সন্থা (এ ইউ এছ ইউ) ই এলানি দাবী উত্থাপন কৰাৰ পিছতেই এইবাৰ যৌন কেলেংকাৰিয়ে জোকাৰি গৈছে বিশ্ববিদ্যালয় চৌহদ। এ ইউ এছ ইউৰ সদস্যসকলে কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কাইলৈ দুপৰীয়া ১২ বজালৈকে সময় বান্ধি দিছে।

ঘটনাই গুৰুতৰ ৰূপ গ্ৰহণ কৰিছে যেতিয়া ৰিম্পি নাথ (নাম সলনি কৰা হৈছে) নামৰ কৃষি বিজ্ঞান বিভাগৰ এম টেকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীগৰাকীয়ে এ ইউ এছ ইউৰ আগত স্কুল অফ টেকন’লজি বিভাগৰ মুৰব্বী ড০ সুদীপ্ত সৰকাৰৰ যৌন নিৰ্যাতনৰ ঘটনাত কোনো ন্যায় নোপোৱাৰ অভিযোগ কৰে।

ড০ সুদীপ্ত সৰকাৰে অতীতত বহু ছাত্ৰীৰ সৈতে এনেকুৱা কৰিছে আৰু তেওঁলোকে ইয়াক মানি লৈছিল যদিও মই তেওঁৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনোৱা নাছিলো। ইয়াৰ বাবে তেওঁ মোক চলিত বছৰৰ জানুৱাৰি মাহৰ পৰা তিনিবাৰ ‘ভাইভা’ত ফেইল কৰাই দিছে। ছাত্ৰীগৰাকীয়ে অভিযোগ কৰে।

ছাত্ৰীগৰাকীয়ে লগতে কয়, ‘’ড০ সুদীপ্ত সৰকাৰে আনকি মোক তেওঁৰ কোৱাৰ্টাৰত একেলগে ড্ৰিংকছ কৰিবলৈ আৰু আনকি তেওঁ বিচৰা যৌন সম্পৰ্কৰ বাবে আমন্ত্ৰণ জনাইছিল। ইয়াৰ বাবে তেওঁ নিয়মিত বিৰতিৰ মূৰে মূৰে হোৱাটছএপত মেছেজ দিছিল।‘’

তেওঁ কয়, ‘’ তেওঁ এতিয়ালৈকে মোৰ সৈতে যিবোৰ কৰিছে সেই সকলোবোৰ প্ৰমান মোৰ হাতত আছে আৰু তেওঁক এইবোৰ বন্ধ কৰিবলৈ কৈ থকাৰ পিছতো তেওঁৰ কু-দৃষ্টি তথা স্বভাৱৰ পৰিৱৰ্তন হোৱা নাই।‘’

এনেধৰণৰ যৌন আতিশয্য বাধা দিয়াত ব্যৰ্থ হৈ ৰিম্পি নাথে (নাম সলনি কৰা হৈছে) ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীস অসমৰ মুখ্যমন্ত্ৰী আৰু অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ চলিত বৰ্ষৰ ১৬ জুলাইত পত্ৰ লিখিছিল। এই পত্ৰ পোৱাৰ পিছতে অসম বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ সমিতিয়ে পৰৱৰ্তী দিনটোতে  (১৭ জুলাই) বিষয়টো গ্ৰহণ কৰে, কিন্তু তেওঁক ন্যায় দিয়াৰ পৰিৱৰ্তে কথাটো বুমেৰাং হৈ পৰে।

ছাত্ৰীগৰাকীয়ে একেসময়তে ছাত্ৰ আৰু শিক্ষকৰ পৰা অভিযোগ পত্ৰ উঠাই ল’বলৈ তথা ড০ সুদীপ্ত সৰকাৰৰ নাম প্ৰত্যাহাৰ কৰিবলৈ ভাবুকি পাবলৈ আৰম্ভ কৰে। ভুক্তভোগী ছাত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অন্য কোনো উপায় নথকাত বিষয়টোত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সংস্থা এ ইউ এছ ইউয়ে হস্তক্ষেপ কৰে। বৃহস্পতিবাৰে সন্ধিয়া এ ইউ এছ ইউ য়ে ডাৰগাকোনা চৌহদত এখন সংবাদমেলত তেওঁলোকৰ ভৱিষ্যত কাৰ্যপন্থা ঘোষণা কৰে।

এ ইউ এছ ইউৰ সভাপতি মিলন দাসে নৰ্থইষ্ট নাও ক জানিবলৈ দিয়ে যে ‘’ছাত্ৰীগৰাকীৰ অভিযোগৰ ১০ দিন পাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, যাৰ বাবে আমি পঞ্জীয়কৰ ওচৰলৈ যাওঁ আৰু তেওঁক শুকুৰবাৰৰ দিনৰ ১২ বজালৈ অপেক্ষা কৰাৰ সময়সীমা দিম। এই সময়ৰ ভিতৰত যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ’লে ছাত্ৰীগৰাকীক ন্যায় দিয়াৰ বাবে আমি আমাৰ অধিকাৰ সাৱ্যস্ত কৰিম।‘’

তেওঁ লগতে কয়, ‘’ ড০ সুদীপ্ত সৰকাৰৰ ইচ্ছা পূৰণ নকৰাৰ বাবে বহু ছাত্ৰীয়ে এতিয়াও পৰীক্ষা সম্পূৰ্ণ কৰিব নোৱাৰাৰ অভিযোগ আছে।‘’

ইয়াৰ মাজতে ব্যথিত হৈ পৰা ছাত্ৰী গৰাকীয়ে কিবা ইতিবাচক ফলাফল লাভ কৰে নে নাই তাকে চাবলৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈছে আজি দিনৰ ১২ বজালৈকে। অন্যথা ন্যায়ৰ বাবে যুঁজখনে হয়তো আন পথৰ সন্ধান কৰিব।

Recent News

শ্বিনা বৰা জীয়াই আছে, বৰ্তমান আছে কাশ্মীৰত! চিবিআইক চিঠি লিখি জনালে ইন্দ্ৰানী মুখাৰ্জীয়ে

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd