আজিৰেপৰা ডিফুৰ তাৰালাংচ’ত ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ কাৰ্বি যুৱ মহোৎসৱ

Karbi King Ramsing Ronghang at KYF on Feb. 16, 2018

কাৰ্বি যুৱ মহোৎসৱ

ডিফুৰ তাৰালাংচ’ত বৰ্ণিল পৰম্পৰাগত শোভাযাত্ৰা ৰংকেতঙেৰে আজি শুভাৰম্ভ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃ্হৎ জনগোষ্ঠীয় মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱ।

বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে নিজা নিজা পৰম্পৰাগত পোচাক, বাদ্য আৰু নৃত্য প্ৰদৰ্শনেৰে মহা উৎসাহেৰে আজিৰ শোভাযাত্ৰাত ভাগ লয়।

কাৰ্বি কালচাৰেল চচাইটিয়ে আয়োজন কৰা এই ৪৪ সংখ্যক মহোৎসৱ ৫ দিন ধৰি চলিব।

কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহাঙে পৰিষদৰ অন্যান্য সদস্য আৰু জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত আজি এই মহোৎসৱ উদ্বোধন কৰে।

কাৰ্বি কালচাৰেল চচাইটিৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বিষয়ে অৱগত বুলি কৈ তেওঁ আয়োজকক পৰিষদৰ ফালৰ পৰা আৰ্থিক সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰে।

তেওঁ কয় যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে প্ৰতি বছৰে এই মহোৎসৱক সহযোগিতা আগবঢ়াই যাব। মহোৎসৱথলীলৈ অহা পথটোৰ শোচনীয় অৱস্থাৰ কথা উল্লেখ কৰি তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে অহা বছৰৰ মহোৎসৱৰ পূৰ্বেই পথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব।

আয়োজক সমিতিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ’ৱে ১৯৭৪ চনত কাৰ্বি ক্লাবত প্ৰথম বাৰৰ বাবে এই মহোৎসৱ আয়োজন কৰা ৰয় ইংহি, লুনচে তিমুং আৰু জনাসিং তেৰাঙৰ অৱদানৰ কথা সোঁৱৰে।

ক্ৰ’ৱে ৰাজনৈতিক হস্তক্ষেপৰ পৰা আঁতৰত ৰাখি এই মহোৎসৱক কাৰ্বি সংস্কৃতিৰ প্ৰতীকত পৰিণত কৰিব লাগে বুলি মত প্ৰকাশ কৰে।

এই মহোৎসৱৰ বাবে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে ৫০ লাখ টকাৰ সাহায্য আৰু পৰিষদৰ কৰ্মচাৰীসকলে এদিনৰ দৰ্মহা আগবঢ়াইছে।