• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি বড়ো সাহিত্যৰ প্ৰথম উপন্যাস স্ৰষ্টা চিত্তৰঞ্জন মুছাহাৰীৰ আদ্য শ্ৰাদ্ধ সম্পন্ন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 13, 2018 12:09 pm
Kokrajhar Chitaranjan Mushahary first Bodo novelist sharadhu
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়ো সাহিত্যত পোন প্ৰথম গল্প  আৰু উপন্যাস সৃষ্টি কৰা তথা বড়ো  ভাষাত ৬০ খনতকৈও অধিক উপন্যাস প্ৰকাশ কৰা সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীৰ (৭০) আদ্য শ্ৰাদ্ধ আজি তেওঁৰ জন্ম গাঁৱত সম্পন্ন হয়। বহুদিন ধৰি দুৰাৰোগ্যত আক্ৰান্ত হৈ যোৱা ১৬ জানুৱাৰীৰ নিশা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছিল এই সাহিত্যিক গৰাকীয়ে।

কোকৰাঝাৰ জিলাৰ আফ্লাগাঁৱৰ অন্টাইগুড়ী গাঁৱৰ নিজ গৃহত আজি পুৱাৰ পৰাই দিন জোৰা কাৰ্য্যসূচীৰে স্বৰ্গীয় চিত্তৰঞ্জন মুছাহাৰীৰ আদ্য শ্ৰাদ্ধ সম্পন্ন কৰা হয়। কাৰ্য্যসূচী অনুসৰি পুৱা স্বৰ্গীয় চিত্তৰঞ্জন মুছাহাৰীৰ প্ৰতিচ্ছবিত তেওঁৰ সহধৰ্মিনী ভাৰতী মুছাহাৰীয়ে মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে বি টি চিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো প্ৰমুখ্যে আত্মীয় সকলে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

Apply Now

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বি টি চিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই সাহিত্যিক গৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি কয় যে সাহিত্যিক গৰাকীৰ অকাল বিয়োগে বড়ো সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। লগতে সাহিত্যিক গৰাকীৰ নামত প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে কয় যে চিত্তৰঞ্জন মুছাহাৰীয়ে সচাকৈ বড়োৰ এগৰাকী শ্ৰেষ্ঠ সাহিত্যিক আছিল। তেওঁ বড়ো সাহিত্যত ৬০ খনতকৈও অধিক উপন্যাস সৃষ্টি কৰি বড়ো সাহিত্যৰ ভৰাল টনকিয়াল কৰি থৈ গৈছে।। সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীক ইতিমধ্যে বড়ো সাহিত্য সভাই “বড়ো উপন্যাসৰ সম্ৰাট” উপাধি প্ৰদান কৰা হোৱা বুলিও কয়।

অন্টাইগুড়ী গাওঁত ১৯৪৪ চনৰ ১৫ আগষ্টত জন্ম লাভ কৰি ১৬-১-২০১৮ তাৰিখত মৃত্যু হোৱা সাহিত্যিকৰ ৰচিত উপন্যাস কেইখন মান ক্ৰমে ‘জুজাইনি অৰ’, ‘বিখায়া গাৱৌ খুগায়া গেৱা’, ‘ফৈমাল মিজিং’ ইত্যাদি। উল্লেখযোগ্য য়ে বড়ো সাহিত্যৰ এগৰাকী শ্ৰেষ্ঠ  সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীক বিটিচি প্ৰশাসনৰ পৰা যোৱা ২০১৪ চনত ‘প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম সাহিত্য বঁটা’  আৰু বড়ো সাহিত্য সভাৰ তৰফৰ পৰা ‘শ্বমেস্বৰী সাহিত্য বঁটা” প্ৰদান কৰিছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd