• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আত্মসমৰ্পণকাৰী এন ডি এফ বি সদস্য দৰেন্দ্ৰ বসুমতাৰীৰ হত্যাকাৰী ৰাকেশ ব্ৰহ্মৰ শাস্তিৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , May 10, 2018 7:45 pm

2 min read

IMG-20180510-WA0012
74
VIEWS
Share on FacebookShare on Twitter

আত্মসমৰ্পণকাৰী এন ডি এফ বি সদস্য দৰেন্দ্ৰ বসুমতাৰীৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত সদৌ আত্মসমৰ্পণকাৰী এন ডি এফ বি সন্থা আৰু দৰেন্দ্ৰ বসুমতাৰীৰ পৰিয়ালৰ লোকে কোকৰাঝাৰত আজি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে ২০১৬ চনৰ ৩১ ডিচেম্বৰতে দৰেন্দ্ৰ বসুমতাৰীক তেওঁৰে সতীৰ্থ ৰাকেশ ব্ৰহ্মই নৃশংসভাৱে হত্যা কৰিছিল। আৰু আজি হত্যাকাৰী ৰাকেশ ব্ৰহ্মক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ জিলা আদালতৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়।

আত্মসমৰ্পণকাৰী এন ডি এফ বি সন্থা আৰু দৰেন্দ্ৰ বসুমতাৰীৰ পৰিয়ালৰ প্ৰায় ১০০ জনৰো অধিক প্ৰতিবাদকাৰীয়ে হাতে বাতে পোষ্টাৰ বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে আদালত চৌহদ উত্তপ্ত কৰি তোলে।

উল্লেখযোগ্য যে ২০১৬ চনৰ ৩১ ডিচেম্বৰৰ দিনা কোকৰাঝাৰ চহৰৰ চুডেমপুৰীস্থিত এন ডি এফ বিৰ আত্মসমৰ্পণকাৰী শিবিৰত ৰাকেশ ব্ৰহ্মই নৃশংসভাৱে দৰেন্দ্ৰ বসুমতাৰীক গুলীয়াই হত্যা কৰিছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰাকেশ ব্ৰহ্মক আটক কৰে আৰু তেওঁৰ পিষ্টলটোও জব্দ কৰে। কিন্তু কিছুদিন পাছতেই অভিযুক্ত ব্ৰহ্ম জামিন পাই মুক্ত আকাশৰ তলত আহে। উল্লেখ্য যে ৰাকেশ ব্ৰহ্ম আৰু দৰেন্দ্ৰ বসুমতাৰীয়ে ২০০৬ চনত সংগঠনটোৰ পৰা আত্মসমৰ্পণ কৰি মূল সুতিলৈ ঘূৰি আহিছিল।

ইফালে ৰাকেশ ব্ৰহ্মৰ পৰিয়ালৰ লোকে চৰকাৰ তথা কোনো দল সংগঠনৰে পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।

মৃত দৰেন্দ্ৰৰ পত্নী উদাংশ্ৰী ব্ৰহ্মই তেওঁৰ স্বামীৰ হত্যাকাৰীক মৃত্যুদণ্ড বা যাবৎজীৱন শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। তেওঁ লগতে কয় যে আমি এতিয়ালৈ কাৰোৰে পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাই।

মনকৰিবলগীয়া যে ৭ বছৰীয়া ছোৱালীজনীৰ সৈতে মৃত ব্ৰহ্মৰ পত্নীয়ে পৰিয়াল চলোৱাত বিভিন্ন আৰ্থিক সমস্যাত ভুগিবলগীয়া হৈছে।

আনহাতে সদৌ আত্মসমৰ্পণকাৰী এন ডি এফ বি সন্থাৰ সাধাৰণ সম্পাদক ৰজনী নাৰ্জাৰীয়ে দৰেন্দ্ৰ বসুমতাৰীৰ হত্যাকাৰী ৰাকেশ ব্ৰহ্মক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd