DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আধাৰৰ সৈতে বেংক একাউণ্ট, ম’বাইল নম্বৰ সংযোগ কৰাৰ সময়সীমা অনিৰ্দিষ্টকাললৈকে বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2018 6:42 pm
Aadhaar
92
VIEWS
Share on FacebookShare on Twitter

আজি উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ স্থিতিত কয় যে আধাৰ নম্বৰৰ সৈতে বেংক একাউণ্ট আৰু ম’বাইল নম্বৰ সংযোগ কৰাৰ বাবে ৩১ মাৰ্চৰ যি সময়সীমা আছিল সেইটো অনিৰ্দিষ্টকাললৈকে বঢ়াই দিয়া হৈছে। এই বিষয়টো সন্দৰ্ভত গঠিত সাংবিধানিক বিচাৰপীঠখনে কয় যে এই সময়সীমা ন্যায়ালয়ে বিভিন্ন সেৱাবোৰৰ সৈতে আধাৰ নম্বৰক সংযুক্ত কৰা সন্দৰ্ভত ৰায় দিয়াৰ পিছতহে সংযোগ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হ’ব।

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ আৰু ন্যায়াধীশ ক্ৰমে এ কে চিক্ৰি, এ এম খানৱিলকাৰ, ডি ৱাই চন্দ্ৰচূড় আৰু অশোক ভূষণ -এই পাঁচজন বিচাৰকেৰে গঠিত বিচাৰপীঠখনে কয় যে আধাৰ সংযোগ সম্পৰ্কীয় ৰায় নোহোৱা পৰ্য্যন্ত কোনো সময়সীমা নাথাকিব।

অৱশ্যে কয় যে ৰাজসাহায্য আৰু হিতাকাৰীৰ আঁচনিৰ ক্ষেত্ৰত এই ৩১ মাৰ্চৰ সময়সীমা বাহাল থাকিব।

উল্লেখযোগ্য যে চৰকাৰে আধাৰকাৰ্ডক বেংকৰ একাউণ্ট, ম’বাইল নম্বৰ আৰু স্থায়ী একাউণ্ট নম্বৰ (পান) সৈতে সংযোগ কৰাটো বাধ্যতামূলক কৰা কাৰ্য্যৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আৱেদনবোৰৰ উচ্চতম ন্যায়ালয়ত শুনানি চলি আছে। এই শুনানি অহা ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কোনো সম্ভাৱনা নাই।

আনহাতে যোৱা ৬ মাৰ্চত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাইছিল যে কেন্দ্ৰই আধাৰ কাৰ্ডক সংযুক্ত কৰাৰ সময়সীমা বৃদ্ধি কৰিব পাৰে।

উল্লেখ কৰিব পাৰি যে যোৱা ২০১৭ চনৰ জুন মাহত নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনিবোৰ আৰু কিছুমান চৰকাৰী সেৱাৰ সৈতে হিতাধিকাৰীসকলৰ আধাৰ (Aadhaar) সংযোগ কৰাটো বাধ্যতামূলক কৰাৰ নিয়ম কৰিছিল। লগতে ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বেংকৰ একাউণ্টৰ সৈতেও আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰিছিল। ইয়াৰ অন্যথাই একাউণ্টবোৰ নিষ্ক্ৰিয় হৈ পৰিব বুলি কোৱা হৈছিল। পিছত এই সময়সীমা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছিল।

আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে দিয়া সিদ্ধান্তটোৱে বহুতকে সকাহ দিব বুলি আশা কৰা হৈছে। কিয়নো দেশৰ বিভিন্ন ঠাইৰ লোকে এতিয়াও আধাৰ লাভ কৰা নাই।

Recent News

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd