• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৮ মাৰ্চত গুৱাহাটীত ব্যতিক্ৰম মাছডোৰ মহিলা ‘ৱাকাথন’ আয়োজন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 3, 2018 7:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৮ মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাজ্যৰ প্ৰায় ৫০০ মহিলাক লৈ ব্যতিক্ৰম মাছডোৱে আয়োজন কৰিছে ‘মহিলা ৱাকাথন’।

ব্যতিক্ৰম মাছডোৰ উদ্যোগত ১ জানুৱাৰিৰ পৰা  ৯০ দিনীয়াকৈ আয়োজিত ‘ন’ হৰ্ন’ কাৰ্য্যসূচীয়ে আজি ৬২ সংখ্যক দিনত ভৰি দিয়া উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক অনুষ্ঠানত এই কথা প্ৰকাশ কৰে সংস্থাৰ প্ৰধান সঞ্চালক ড০ সৌমেন ভাৰাতীয়াই।

Apply Now

এই কাৰ্য্যসূচী পুৱা ৬:৩০ বজাৰ পৰা লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা আৰম্ভ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি ‘সেই দিনটোতে স্বামী বিবেকানন্দ কেন্দ্ৰত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ১০ গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হ’ব। সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নীলিমা বৰা আৰু দেবলীনা সেনগুপ্ত, সংগীতৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ কন্ঠশিল্পী টিংকুমণি কলিতাকে ধৰি মুঠ ১০ গৰাকীক সম্বৰ্ধনা জনোৱা হ’ব।’

তেওঁলোকৰ এই পদক্ষেপত মহানগৰ যান-বাহন আৰক্ষীয়ে পূৰ্ণ সমৰ্থন জনোৱা বুলি তেওঁ সদৰী কৰে। তেওঁৰ মতে ‘আৰক্ষী আয়ুক্ত হীৰেন নাথে শব্দ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত বিভাগৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ’ব’ বুলি আশ্বাস প্ৰদান কৰিছে।

লক্ষণীয় যে মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান, স্বেচ্ছাসেৱী সংস্থাই ন’ হৰ্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা বুলি ড০ ভাৰাতীয়াই সদৰী কৰে।

তদুপৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কন্ঠ শিল্পী জুবিন গাৰ্গ, অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণ জ্যোতি গগৈকে ধৰি বহুকেইজনে ব্যতিক্ৰমৰ এই পদক্ষেপৰ প্ৰতি শুভেচ্ছা জনোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে সংস্থাৰ উদ্যোগত মহানগৰীৰ গণেশগুৰি, দিশপুৰ, ভঙাগড়, দীঘলীপুখুৰী, জালুকবাৰীকে ধৰি বিভিন্ন স্থানৰ ট্ৰেফিক পইন্টত প্ৰায় ১০,০০০ ষ্টিকাৰ লগোৱা হৈছিল।

ইয়াৰোপৰি ড০ ভাৰতীয়াই জনোৱা মতে কালি তেওঁলোকে কেন্দ্ৰীয় কাৰাগাৰত গৈ এই কাৰ্য্যসূচীৰে অংশ হিচাপে ১২০০ কয়দীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰিছিল।

উদ্যোক্তা মণ্ডলীয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পোৱা শব্দ প্ৰদুষণৰ মাত্ৰা হ্ৰাস কৰিবৰ বাবে তেওঁলোকে এই পদক্ষেপ হাতত লৈছিল। তদুপৰি যান-যঁটৰ সময়ত বিনা কাৰণত হৰ্ণ নবজাবলৈ জনসাধাৰণৰ মাজত এক সজাগতা আনিবৰ বাবে তেওঁলোকে এই প্ৰচেষ্টা হাতত লোৱা বুলি সদৰী কৰে।

ভবিষ্যত সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এই ন’ হৰ্ণ কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। এই ক্ষেত্ৰত তেওঁলোকে ৰাজ্যৰ বিভিন্ন দল-সংগঠনক তেওঁলোকৰ এই যাত্ৰাৰ অংশীদাৰ হ’বৰ বাবে আহ্বান জনায়।

জানিব পৰা মতে পহিলা জানুৱাৰীৰ দিনা ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজভৱনৰ পৰা এই কাৰ্য্যসূচীৰ উদ্বোধন কৰিছিল।

আজিৰ অনুষ্ঠানটোত সাহিত্যিক নিলীমা বৰা, নৱপ্ৰজন্মৰ গায়িকা টিংকুমণি কলিতা, নৃত্যশিল্পী নিবেদিতা তালুকদাৰ, ফেশ্ব’ন ডিজাইনাৰ সুনীতা দেব উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am
বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am
বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd