DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰি আবকাৰী বিভাগৰ সজাগতা সভাত দেশীয় সুৰাৰ ওপৰত কঠোৰ পদক্ষেপৰ পোষকতা

ছাজিদ খান by ছাজিদ খান
May 23, 2018 3:42 pm
Udalguri exise act
116
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলা মহিলা কুৰ্মি সমাজে অঞ্চলটোত গঢ় লৈ উঠা দেশীয় সুৰাৰ ঘাটীসমূহ উৎখাত কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ পাছত ওদালগুৰিৰ আবকাৰী বিভাগটো গভীৰ টোপনিৰ পৰা সাৰ পাই উঠিছে। মঙলবাৰে আবকাৰী বিভাগৰ তত্বাৱধায়ক প্ৰীতম বৰুৱাৰ প্ৰচেষ্টাত ওদালগুৰিৰ আবকাৰী বিভাগে ওদালগুৰিৰ ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগনত অঞ্চলটোত ক্ৰমে বাঢ়ি অহা অবৈধ দেশীয় সূৰাৰ ব্যৱহাৰৰ ওপৰত এখন গণ সচেতনতা সভাৰ আয়োজন কৰে।

এই সভাখনত সভাপতিত্ব কৰিছিল ওদালগুৰিৰ আবকাৰী বিভাগৰ তত্বাৱধায়ক প্ৰীতম বৰুৱাই আৰু সভাত ভাষণ ৰাখিছিল ওদালগুৰিৰ মহিলা কুৰ্মি সমাজৰ সভানেত্ৰী সৰলা মাহাতোৱে। সৰলাই এই অঞ্চলটোৰ মহিলাসকলক একত্ৰিত কৰি দেশীয় সূৰাৰ আতংক আঁতৰ কৰাৰ চেষ্টা কৰিছিল। ভাষণত ওৰাঙৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকাই অসম আবকাৰী আইন ২০০০ৰ ৫৩(১), ৫৪,৫৫ আৰু ৬১ (ক) আৰু ৬১ (খ) ধাৰাৰ সংশোধনী সম্পৰ্কত বক্তব্য ৰাখি প্ৰকাশ কৰিছিল যে ৫৩(১), ৫৪,৫৫ ধাৰা পূৰ্বতে জামিনযোগ্য আছিল যদিও সংশোধনীৰ জৰিয়তে ইয়াক জামিনবিহীন অপৰাধ হিচাপে গণ্য কৰা হৈছে।

excise department

তেওঁ ৫১(ক) ধাৰাৰ ব্যাখ্যা আগবঢ়াই কয় যে এই ধাৰাটো বে-আইনী আমদানি, ৰপ্তানি, পৰিবহন, প্ৰস্তুত, মজুত ৰখা আদিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব আৰু ধাৰা ৫১ (ক)ৰ অধীনত শাস্তি কঠোৰ কৰা হৈছে আৰু শাস্তি ৩ বছৰলৈ বৰ্ধিত কৰা হৈছে আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা কৰা হৈছে।

ধাৰা ৫৪ কিছু কিছু ক্ষেত্ৰত সুৰাৰ বে-আইনী যেনে শুল্ক আদায় নিদিয়াকৈ সুৰা মজুত ৰখা ইত্যাদিৰ ক্ষেত্ৰত বলৱৎ কৰা হৈছে। এই ধাৰাৰ অন্তৰ্গত শাস্তি হৈছে ৩ বছৰ পৰ্যন্ত কাৰাবাস আৰু ৫ লাখ পৰ্যন্ত জৰিমনা। ধাৰা ৫৫ত মানুহৰ সেৱনৰ বাবে ব্যৱহৃত সুৰাৰ ভেজাল বা মিশ্রণ করা অপৰাধৰ সৈতে মোকাবিলা কৰাৰ বাবে শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এই অপৰাধৰ শাস্তিৰ  ম্যাদ ৫ বছৰ পৰ্যন্ত কাৰাবাস আৰু ২ লাখ টকা পৰ্যন্ত জৰিমনা। আনহাতে ধাৰা ৬১ (ক) আৰু ধাৰা ৬১ (খ) অনুসৰি ৰাজহুৱা স্থানত মদ্যপান কৰাৰ শাস্তি প্ৰদান কৰাৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ শাস্তি ৫০,০০০ টকা পৰ্যন্ত জৰিমনা আৰু ৬ মাহ পৰ্যন্ত কাৰাদণ্ড।

 

মহিলা কুৰ্মি সমাজৰ সভানেত্ৰীয়ে যুৱ প্ৰজন্মই মদ্যপান কৰাৰ ফলত  সংঘটিত হোৱা অপৰাধ আৰু মৃত্যুৰ বাবে দুখ ব্যক্ত কৰে।

সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ (আটাছা) ওৰাং গোটেও ওৰাঙৰ আবকাৰী বিষয়াবৰ্গৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। কুৰ্মি মহিলা পৰিষদৰ ওৰাং গোটৰ সম্পাদিকা দেভাৰি মাহাতোৱে বে-আইনী সুৰাৰ ওপৰত যথা সম্ভৱ সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আবকাৰী বিভাগক অনুৰোধ জনায়।

kurmit mahila organization

সংগঠনসমূহে আনকি এই বুলি হুমকি দিয়ে আবকাৰী বিভাগে ব্যৱস্থা গ্ৰহণ কৰাত বিলম্ব কৰিলে প্ৰতিবাদী শোভাযাত্ৰাৰ আয়োজন কৰিব।

এই সভাখনত  উপস্থিত থকা ভালেকেইটা  স্থানীয় মহিলা সংগঠন, ছাত্ৰ সংগঠন সদস্যসকল আৰু বিজ্ঞ নাগৰিকসকলে নতুন আবকাৰী আইনখন অপৰাধকাৰীসকলৰ ওপৰত বলৱৎ কৰাৰ বাবে জিলা প্ৰশাসন আৰু ওদালগুৰি আবকাৰী বিভাগক আহ্বান জনায়।

ওদালগুৰিৰ আবকাৰী পৰিদৰ্শক প্ৰশান্ত দত্তই জিলাখনত প্ৰৱৰ্তন হোৱা নতুন আবকাৰী আইন সম্পৰ্কে উপস্থিত লোকসকলক আশ্বাস দিয়ে কয় এই ক্ষেত্ৰত সচেতনতাৰ সৃষ্টি কৰা হ’ব আৰু এটা পষেকৰ ভিতৰতে কঠোৰ কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব।

Recent News

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd