আলফা (স্বাঃ)ৰ কেম্পৰ পৰাই বিধায়ক ভাস্কৰ শৰ্মাৰ ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিলে অপহৃত চাহ বাগিচা কৰ্মীয়ে

DeenanathUpadhya

আলফা (স্বাঃ)ৰ কেম্পত সংগঠনটোৰ দ্বাৰা অপহৃত দীননাথ উপাধ্যায়ক দেখা গৈছে।

যোৱা ৮ জুনত আলফা (স্বাঃ)ই অপহৰণ কৰি নিয়া জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং উদয়পুৰৰ বাসিন্দা তথা এখন ব্যক্তিগত মালিকানাধীন ক্ষুদ্ৰ চাহ বাগিচাৰ মহৰী দীননাথ ওৰফে গোপাল উপাধ্যায়ে (৫০) আলফা (স্বাঃ)ৰ জিম্মাত থকা অৱস্থাত দিয়া এটা ভিডিঅ’ বাৰ্তাই শেহতীয়াকৈ এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভিডিঅ’টোত অপহৃত দীননাথ উপাধ্যায়ক স্পষ্ট ভাষাত তেওঁৰ অপহৰণৰ আঁৰৰ কাহিনী কোৱা দেখা গৈছে। আনহাতে তেওঁ এই অপহৰণৰ বাবে পোনপটীয়াকৈ দায়ী কৰিছে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক তথা আত্মসমৰ্পণকাৰী আলফা ভাস্কৰ শৰ্মা আৰু ক্ষুদ্ৰ চাহ বাগিচাখনৰ মালিক ৰাধা চেতিয়াক।

উল্লেখযোগ্য যে এই চাঞ্চল্যকাৰী ভিডিঅ’টো পোৱা গৈছে আলফা স্বাধীন (Ulfa Swadhin ) নামৰ ফেইচবুক পেইজটোত।

এই ভিডিঅ’টোৱে দীননাথ উপাধ্যায়ক যে আলফা (স্বাঃ)ৰ দ্বাৰাই অপহৰণ কৰা হৈছে সেইটো নিশ্চিত কৰাৰ লগতে তেওঁ এতিয়াও আলফা (স্বাঃ)ৰ জিম্মাত থকাটোও নিশ্চিত কৰিছে।

আনহাতে ভিডিঅ’টোত উপাধ্যায়ে অভিযোগ কৰামতে, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু বাগিচাখনৰ মালিক ৰাধা চেতিয়াই তেওঁক আলফা আৰু এন এছ চি এনৰ কেডাৰবিলাকৰ অৱস্থান আৰু তেওঁলোকে লৈ ফুৰা মাৰণাস্ত্ৰ সম্পৰ্কত তথ্য সংগ্ৰহ কৰিবলৈ বাধ্য কৰিছিল। ইয়াৰ বাবে তেওঁক অধিক দৰমহা তথা বোনাচ দিয়াৰ প্ৰলোভনো দিছিল।

উপাধ্যায়ে দাবী কৰিছে যে যিহেতু তেওঁলোক দুজনৰ বাবেই তেওঁ আলফাৰ ৰোষৰ বলি হ’ব লগীয়া হ’ল, গতিকে তেওঁলোকে এতিয়া তেওঁক মোকলাই নিয়াৰ ব্যৱস্থা কৰিব লাগে।

মন কৰিব লগীয়া যে ভিডিঅ’টোত অপহৃত উপাধ্যায়ে স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে আন বহুতকেই এইদৰে আলফা (স্বাঃ)ৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাত ব্যৱহাৰ কৰি আছে। আনহাতে জাগুনৰ বনাঞ্চলত আন ঠাইৰ পৰা মানুহ আনি বহুওৱাতো বিধায়কজনৰ হাত আছে বুলি নিজৰ স্বীকাৰোক্তিত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১১ জুনত দীননাথৰ পৰিয়ালটোৱে আৰু গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে তেওঁক মুকলি কৰি দিয়াৰ বাবে আলফাক কাতৰ আৱেদন জনাইছিল। দুৰ্ভগীয়া পৰিয়ালটোৰ মূল ব্যক্তিজন এইদৰে বলিৰ পঠা হ’ব লগীয়া হোৱাত মানসিকভাৱে ভাগি পৰিছে তেওঁৰ পত্নী আৰু সন্তান দুটি।

ভিডিঅ’ বাৰ্তাটোত দীননাথে তেওঁক এইবোৰ ভুল কাম কৰিবলৈ বিধায়ক ভাস্কৰ শৰ্মা আৰু ৰাধা চেতিয়াই বাধ্য কৰাইছিল আৰু সেইবাবে এতিয়া তেওঁলোকে মোকলাই নিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।