• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্রেপ্তাৰৰ দাবী বৰাকৰ সাংসদ সুস্মিতা দেবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2018 12:29 pm
susmita
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে আলোচনাপন্থী আলফা তথা খিলঞ্জীয়া মঞ্চৰ নেতা জিতেন দত্তক গ্রেপ্তাৰৰ দাবী জনাইছে শিলচৰৰ সাংসদ তথা সর্বভাৰতীয় মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেবে।

উল্লেখযোগ্য যে জিতেন দত্তই এহেজাৰ অসমীয়া যুৱকক লৈ বৰাক উপত্যকাত উপস্থিত খিলঞ্জীয়াৰ প্রভুত্ব স্থাপন কৰিব বুলি ভাবুকি দিয়াৰ পাছত বৰাকত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল। জিতেন দত্তৰ উক্ত বক্তব্যৰ বিৰুদ্ধে প্রতিবাদ জনাই সাংসদ সুস্মিতা দেবে কাছাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনক সাক্ষাত কৰি আলোচনাপন্থী আলফা নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ আহ্বান জনায়।

Apply Now

সুস্মিতা দেবে এই সন্দৰ্ভত কয়— ‘জিতেন দত্তৰ ভাবুকিয়ে বৰাক আৰু ব্রক্ষ্মপুত্র উপত্যকাৰ মাজত সম্প্রীতি নষ্ট কৰিছে।

ইয়াৰ পৰৱর্তী সময়ত জিতেন দত্তই সুস্মিতা দেবক প্রত্যাহ্বান জনাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সন্দৰ্ভত সুস্মিতাক নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়। ইয়াৰ বিপৰীতে দেওবাৰে শিলচৰত এখন সংবাদ মেলত সুস্মিতা দেবে, গুৱাহাটীত সভা পাতি আৰু ছচিয়েল মিডিয়া, ফে’চবুকত জিতেন দত্তই বৰাকবাসীৰ বিৰুদ্ধে যিদৰে চেলেঞ্জ জনাইছে, সেই ক্ষেত্ৰত ৰাজ্যৰ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল কিয় নিশ্চুপ হৈ আছে আৰু কোনো ব্যৱস্থা লোৱা নাই বুল‌ি প্ৰশ্ন কৰে। বিজেপি নেতা বা প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে কিবা ক’লেই বা ৰাহুল গান্ধীয়ে কিবা অলপ ক’লেই গোচৰ তৰা হয়। বঙালী লোকসকলক কাটি টুকুৰা-টুকুৰ কৰা হ’ব বুলি কোৱাৰ পাছতো কাকো আটক নকৰাৰ বিষয়টো ৰহস্যজনক বুলি তেওঁ মত প্রকাশ কৰে।

সুস্মিতা দেবে লগতে কয়যে  ‘ডি ভোটা’ৰ আৰু বিদেশীক কি কৰা হ’ব সেয়া দেশৰ সংবিধানত উল্লেখ আছে। কোনো বিদেশী নাগৰিকক কি কৰা হ’ব সেয়া আইনে ক’ব। ইয়াত জিতেন দত্তই কৰিবলগীয়া একো নাই।

আনহাতে বিজেপিৰ জনসম্পর্ক অভিযান সন্দর্ভত সুস্মিতা দেবে কয় যে হিন্দী বলয়ৰ ৰাজ্যত বিজেপিৰ প্রতি ৰাইজৰ মোহ কমিছে বাবেই উত্তৰ-পূব ভাৰতৰ প্রতি বিজেপিৰ ইমান মোহ বাঢ়িছে। বিজেপিৰ ‘জনসম্পর্ক অভিযান’ক এখন নাটক বুলি উল্লেখ কৰি তেওঁ কয়— ‘অমিত শ্বাহে কৃষকৰ ঘৰলৈ নোযোৱাকৈ কপিল দেৱ, মাধুৰী দীক্ষিতৰ ঘৰলৈ যায়। অথচ যিজন কৃষকে আত্মহত্যা কৰিছে তেওঁৰ ঘৰলৈ গৈ এবাৰো খবৰ নলয়। অনুৰূপভাৱে সর্বানন্দ সোণোৱালেও ডি ভোটাৰ বা কৃষকৰ ঘৰলৈ গৈ কোনো খবৰ নলয়। যিসকল যুৱক নিবনুৱা তেওঁলোকৰ কোনো খবৰ নলয় বিজেপিয়ে।

সাংসদ সুস্মিতাই লগতে কয় যে ‘মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল এজন ভাল মানুহ। মুখ্যমন্ত্রী হিচাপে তেওঁক শ্রদ্ধা কৰোঁ। কিন্তু যিটো বিষয় লৈ ৰাজ্য তোলপাৰ, সেই বিষয় তথা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এবাৰো একোৱেই ৰাইজৰ উদ্দেশ্যে প্রকাশ নকৰাৰ বিষয়টো আশ্চর্যজনক’।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd