• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলোচনা প্ৰক্ৰিয়াত বিলম্বৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কেপিএলটিৰ

নংগে টেৰাং by নংগে টেৰাং
May 16, 2018 9:53 pm
KPLT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ সশস্ত্ৰ সংগঠন কাৰ্বি পিপল্‌’ছ লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ কেপিএটিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে তেওঁলোকক আলোচনালৈ আমন্ত্ৰণ কৰাৰ বাবে চৰকাৰে কোনো উদ্যোগ আজিকোপতি গ্ৰহণ কৰা নাই। ডিফুৰ ৫ মাইলত অৱস্থিত কেপিএলটিৰ ডেজিগ্‌নেটেড কেম্পত অনুষ্ঠিত কৰা এখন সংবাদমেলত এই কথা সদৰি কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক লটি চাৰি কাংটাং বেই কয় যে তেওঁলোকে উত্থাপন কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ বাবে চৰকাৰে আলোচনাৰ মেজলৈ তেওঁলোকক নিমন্ত্ৰণ কৰা উচিৎ।

সাধাৰণ সম্পাদক বে’ই আৰু কয় যে ভাৰতীয় সংবিধানৰ অধ্যায় ২৪৪(ক)ৰ অধীনত তেওঁলোকে এখন স্বতন্ত্ৰ ৰাজ্য দাবী কৰি আহিছে।চৰকাৰে তেওঁলোকক মুকলি আকাশৰ তললৈ অহাৰ বাবে প্ৰতিনিধি প্ৰেৰণ কৰিছে আৰু আলোচনা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানো কৰিছে। এই আশ্বাসৰ ওপৰত ভিত্তি কৰি কেপিএলটি মুকলি আকাশৰ তললৈ ওলাই আহিছে বুলি তেওঁ কয়।

Apply Now

সাধাৰণ সম্পাদক বে’ই আৰু কয় যে পূৰ্বৰ চেয়াৰমেন দনৰি ক্ৰামছা আৰু সাধাৰণ সম্পাদক ভোজাৰু হানছাং সক্ৰিয় হৈ নথকা হেতুকে সংগঠনটোৰ নেতৃত্বত এটা সালসলনি কৰা হ’ব। সংগঠনটো ভালদৰে পৰিচালিত কৰাৰ বাবে চেয়াৰমেন পদত ভাইচ চেয়াৰমেন ৰিছিন ছেনাৰ পাতৰ আৰু চেয়াৰমেন আৰু তেওঁ নিজে সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে।

কেইখনমান স্থানীয় সংবাদপত্ৰত কেপিএলটিৰ ৭ গৰাকী সদস্যই পলায়ন কৰা বুলি পৰিবেশিত হোৱা বাতৰিৰ সন্দৰ্ভত বে’ই কয় যে এয়া সত্য নহয়। এয়া কেপিএলটিক হেয় প্ৰতিপন্ন কৰাৰ বাবে ন্যস্তস্বাৰ্থ জড়িত একাংশ লোকৰ অপপ্ৰচাৰ বুলি সংগঠনটোৰ সম্পাদকগৰাকীয়ে দাবী কৰে।

বৰ্তমান সংগটনটোত ২০৯ গৰাকী সদস্য ডিফুৰ ৫ মাইলত আৰু পশ্চিম কাৰ্বি আংলঙৰ কলংগাৰ মুঠ দুটা ডেজিগ্‌নেটেড কেম্পত আছে। ডিফু কেম্পত প্ৰায় ৭০ গৰাকী সদস্য আছে বুলি সাধাৰণ সম্পাদক বে’ই সাংবাদিকক অৱগত কৰে।

কেপিএলচিৰ প্ৰতিৰক্ষা সচিব ৰিজাক ডেৰাই কয় যে যেতিয়া কেপিএটি উকলি আকাশৰ তললৈ ওলাই আহিছিল, তেতিয়া চৰকাৰে সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু সেনা আৰু আৰক্ষীৰ লোকে অন্য সংগঠনৰ লোক আৰু সমাজ বিৰোধী শক্তিসমূহক বিচাৰি তেওঁলোকৰ সদস্যক আটক কৰে আৰু এয়া সমিচীন নহয় বুলি তেওঁ কয়। মিছা অভিযোগত কেপিএলটিৰ কোনো সদস্যকেই গ্ৰেপ্তাৰ কৰিবলৈ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনায়।

নংগে টেৰাং

নংগে টেৰাং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd