DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল গোটৰ কামাণ্ডোৰ সৈতে সংঘৰ্ষত এনডিএফবি সদস্য নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 8:48 pm
Capture
78
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা প্ৰায় ৬-০০ বজাত এনডিএফবি আৰু গাৰো উগ্ৰপন্থীৰ এটা সন্মিলিত গোট আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত এজন উগ্ৰপন্থী সদস্য নিহত হয়। উগ্ৰপন্থী সদস্যকেইজনে উইলিয়াম নগৰৰ অন্তৰ্গত তাৰাছিন গাঁৱত আশ্ৰয় লৈ থকাৰ বাৰ্তা লাভ কৰি আৰক্ষীৰ ‘বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ (Special Weapons and Tactics) গোটৰ কামাণ্ডোই গাঁৱখনত অভিযান চলায়।

সূত্ৰৰ পৰা জানিব পৰা মতে এই গোটটোত প্ৰায় ১০ জন সদস্য আছিল আৰু মেঘালয়ৰ পুব গাৰো পাহাৰ জিলাৰ উইলিয়াম নগৰৰ অন্তৰ্গত তাৰাছিন গাঁৱত আশ্ৰয় লৈ আছিল।  এছল্ট ৰাইফল আৰু পিষ্টলেৰে সুসজ্জিত উগ্ৰপন্থী সদস্য সদস্য কেইজনে আৰক্ষী বাহিনীৰ গোটটোৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

অতি কম সময়ৰ বাবে চলা এই সংঘৰ্ষত ভালেকেইজন উগ্ৰপন্থী সদস্য পলাই যাবলৈ সক্ষম হয় যদিও এজনৰ ঘটনাস্থলীত মৃত্যু হয়।  মৃত উগ্ৰপন্থী সদস্যজনক এনডিএফবিৰ কোমা বড়ো বুলি চিনাক্ত কৰা হৈছে।

নিহত এনডিএফবি সদস্যজনৰ পৰা এটা একে শ্ৰেণীৰ ৰাইফলআৰু এটা মেগাজিন উদ্ধাৰ কৰা হয়। এই সংঘৰ্ষৰ স্থানত আৰু ভালেমান তেজ পৰি যোৱাৰ চিন লক্ষ্য কৰি আৰু ৩ ৰ পৰা ৪ জন উগ্ৰপন্থী সদস্য আহত হোৱা বুলি সন্দেহ কৰা হৈছে।

মৃত উগ্ৰপন্থীজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনাৰ সৈতে জড়িত এটা গোচৰ পঞ্জীয়ণভুক্ত কৰা হৈছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd