• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষী বিষয়া, গল্পকাৰ কুলধৰ শইকীয়া হ’ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2018 7:22 pm
Kuladhar-Saikia

কুলধৰ শইকীয়াৰ ফাইল ছবি

358
VIEWS
Share on FacebookShare on Twitter

কুলধৰ শইকীয়াক অসম আৰক্ষী ( Assam Police )ৰ নতুন সঞ্চালকপ্ৰধানৰূপে নিযুক্তি দিয়া হৈছে। ১৯৮৫ বৰ্ষৰ আই পি এছ শইকীয়া বৰ্তমান আৰক্ষীৰ আইন-শৃংখলা শাখাৰ বিশেষ সঞ্চালকপ্ৰধানৰূপে নিযুক্ত হৈ আছে। শইকীয়াই ২০১৯ চনত অৱসৰ ল’ব।

দিল্লী স্কুল অৱ ইকনমিক্স, পেনছিলভেনিয়া ষ্টে’ট ইউনিভাৰ্ছিটি, আই আই টি গুৱাহাটীৰ প্ৰাক্তন শিক্ষাৰ্থী শইকীয়া অসমীয়া সাহিত্যৰ এজন জনাজাত গল্পকাৰ। গল্পৰ স্বীকৃতি হিচাপে শইকীয়াই সাহিত্য একাডেমি বঁটাও লাভ কৰিছে।

Govt-order
অসম চৰকাৰৰ নিৰ্দেশটো

১৯৫৯ চনত জন্মগ্ৰহণ কৰা শইকীয়াই দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ উপাধি লোৱাৰ পিছত কিছুকাল দিল্লীৰ হিন্দু কলেজত অৰ্থনীতি বিষয়ৰ শিক্ষকতা কৰিছিল। ১৯৮৫ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগ দিয়াৰ পূৰ্বে নতুন দিল্লীত পৰিকল্পনা আয়োগত ভাৰতীয় অৰ্থনৈতিক সেৱাৰ বিষয়া হিচাপে কাম কৰা শইকীয়াই ভাৰতীয় ৰে’লটো কিছুকালৰ বাবে ট্ৰেফিক সেৱা বিষয়া হিচাপে কাম কৰিছিল।

ফুলব্ৰাইট ফেল’ হিচাপে শইকীয়াই ২০০০-০১ চনত পেনছিলভেনিয়া ষ্টে’ট ইউনিভাৰ্ছিটিত ‘Leadership and Management and a Research Program on Community Development and management of resources’ শীৰ্ষক এক পাঠ্যক্ৰম অধ্যয়ন কৰিছিল। কিছুকালৰ বাবে তেওঁ বিশ্ব বেংকৰ পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল।

ভিতৰুৱা জনজাতীয় গাওঁসমূহত সামাজিক অন্ধবিশ্বাস, অৰ্থনৈতিক বিচ্ছিন্নতা আৰু উগ্ৰপন্থাৰ বিৰুদ্ধে যুঁজাৰ বাবে আৰম্ভ কৰা ‘প্ৰজেক্ট প্ৰহৰী’ নামৰ সামাজিক উন্নয়নমুখী প্ৰকল্পৰ বাবে তেওঁ উচ্চ প্ৰশংসা লাভ কৰিছিল। আৰক্ষী সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট বৰঙনিৰ বাবে তেওঁ দুবাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছিল। গুৱাহাটী মহানগৰৰ আৰক্ষী মুৰব্বী হিচাপে ১৯৯৬ চনৰ জুলাইত তেওঁ নাগৰিক সমিতি নামে সামূহিক শান্তিৰক্ষী মডেলটো আৰম্ভ কৰিছিল।

অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান বাচনি আৰু নিযুক্তিৰ বাবে ষ্টে’ট ছিকিয়ৰিটি কমিছনে যোৱা সোমবাৰে ৰাজ্য চৰকাৰক কিছুসংখ্যক আৰক্ষী বিষয়াৰ নাম দাখিল কৰিছিল। বৰ্তমানৰ আৰক্ষী মুৰব্বী মুকেশ সহায়ে অহা ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব।

শইকীয়াৰ পৰিবাৰ লীনা শৰ্মাও অসমীয়া লেখিকা তথা ভাৰতীয় ৰে’ল সেৱাৰ বিষয়া। শৰ্মা নতুন দিল্লীৰ ৰে’লৱে’ তথ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক। তেওঁলোকৰ একমাত্ৰ পুত্ৰই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ত এম ফিল কৰি আছে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd