DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইয়াণ্ডাবু সন্ধিৰ ১৯২ বছৰ : আজিৰ দিনটোতে অসমৰ আকাশৰ পৰা মাৰ গৈছিল স্বতন্ত্ৰতাৰ বেলি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 7:05 pm
British_attack_in_Burma

ব্ৰিটিছ বাহিনীয়ে বাৰ্মা সেনাক আক্ৰমণৰ ছবি।

6k
VIEWS
Share on FacebookShare on Twitter

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত ব্ৰিটিছ আৰু মান ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল য়াণ্ডাবু সন্ধি নামৰ ঐতিহাসিক চুক্তিখন। এই চুক্তিখনৰ জৰিয়তে চিৰদিনৰ বাবে মাৰ গৈছিল কেতিয়াও পৰাধীনতা মানি নোলোৱা অসমৰ স্বতন্ত্ৰতাৰ বেলি।

অৱশ্যে ১৮২৬ চনৰ পূৰ্বেই প্ৰকৃতাৰ্থত অসমৰ পৰাধীনতাৰ যাত্ৰা আৰম্ভ হৈছিল। অসম দেশৰ শাসকৰ দুৰ্বলতা তথা অন্তঃকন্দলৰ বাবে মান সেনাই ডেৰ-দুবছৰ পূৰ্বেই প্ৰায় সমগ্ৰ অসম দখল কৰিছিল।

কিন্তু অসমৰ পৰা মানক খেদি পঠোৱাৰ অচিলাৰে ইষ্ট ইণ্ডিয়া কোম্পানিৰ মাৰফতত যুদ্ধত লিপ্ত ব্ৰিটিছ শক্তিয়ে বাৰ্মা ৰজা প্ৰতিনিধিৰ সৈতে ইৰাৱতী নদীৰ পাৰৰ য়াংগুন নামৰ গাওঁখনত কৰা দুই পক্ষীয় চুক্তিৰ পিছত অসম তথা ইয়াৰ তলতীয়া ৰাজ্য কাচাৰ, জয়ন্তীয়াক নিজৰ হাতত পায়। মানৰ বিৰুদ্ধে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আহ্বান মৰ্মে যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে ব্ৰিটিছ বিষয়াসকলে অসমৰ অভ্যন্তৰীণ বিষয়ত কোনো হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে নিজৰ অসম দেশ অধিকাৰ কৰাৰ কোনো অভিপ্ৰায় নাই বুলিও কৈছিল।

YandabuTreaty

কিন্তু মানক খেদাৰ পিছত ব্ৰিটিছ বাহিনীয়ে দেখে যে তেওঁলোকে অসম (কাচাৰ আৰু জয়ন্তীয়াকে ধৰি) আৰু মণিপুৰ যুদ্ধৰ লাভ হিচাপে পাইছে। গতিকে ব্ৰিটিছে অসম ত্যাগ কৰাৰ কোনো লক্ষণ নেদেখুৱালে।

লাহে লাহে তেওঁলোকে অসমৰ পুতলা ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহক পদবীৰ পৰা অপসাৰণ কৰিলে৷ তাৰ পাছৰে পৰাই আহোম ৰাজ্য পোনপটীয়াকৈ ব্ৰিটিছৰ অধীন হ’ল৷ অসমৰ এখন স্বতন্ত্ৰ দেশ হিচাপে থকা পৰচিয় লোপ পালে।

পিছত ব্ৰিটিছে গোটেই ভাৰতক শাসন কৰাৰ লগতে এই ভাৰতৰে অংগৰাজ্য হিচাপে অসমকো ধৰা হ’ল। ভাৰত স্বাধীন হোৱাৰ পিছতো অসম ভাৰতৰে অংগ হৈ থাকিল। ইয়াৰ স্বাধীন পৰিচয় কেতিয়াও ঘূৰাই নাপালে অসমীয়া মানুহে।

উল্লেখযোগ্য যে যি চুক্তিৰ আধাৰত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল তাত অসম পক্ষৰ পৰা কোনো লোকৰ স্বাক্ষৰ নাছিল বা অসমৰ কোনো মত নাছিল।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd