কলকাতাৰ পৰা প্ৰকাশিত এখন আগশাৰীৰ বাংলা দৈনিক কাকতত উচটনিমূলক প্ৰৱন্ধ লিখি বিতৰ্কৰ মাজলৈ অহা বাঙালী বুদ্ধিজীৱী তথা অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তপোধীৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে দিচপুৰ থানাত এটা অভিযোগ দাখিল কৰা হৈছে।
মানস কলিতা নামৰ ব্যক্তি এজনে ভট্টাচাৰ্যৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা উচটনিমূলক মন্তব্য আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে বিৰূপ মত প্ৰকাশ কৰাৰ অভিযোগ তুলি এই গোচৰ দাখিল কৰিছে।
উল্লেখযোগ্য যে কলকাতা আৰু শিলচৰৰ পৰা প্ৰকাশিত আজকাল নামৰ কাকতখনত ৩ জুলাইৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা ‘অসমে বাঙালিৰ শৰশয্যা’ শীৰ্ষক লেখাটোতো এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ প্ৰেক্ষাপট ব্যৱহাৰ কৰি অসমীয়া আৰু অসমৰ বাঙালীসকলৰ মাজত বিদ্বেষ বিয়পোৱাৰ চেষ্টা দেখা গৈছে বুদ্ধিজীৱীজনক।
তেওঁ লেখাটোত অসমত বাঙালীসকল অসমীয়া আধিপত্যবাদৰ বলি হৈছে বুলি অভিযোগ কৰিছে। তেওঁ লগতে এন আৰ চিখনক অসমত থকা বাঙালীসকলৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ বুলি কৈ ইয়াক বাঙালীসকলৰ বাবে শৰশয্যা বুলি অভিহিত কৰিছে।
কেৱল সেয়ে নহয়, তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত বাঙালি-বিদ্বেষৰ কদৰ্য্য সংঘবদ্ধ চেহেৰা উন্মত্ত উত্তেজনা প্ৰকাশ পোৱা বুলিও দাবী কৰে।
ভট্টাচাৰ্য্যৰ এই বিভিন্ন উচটনিমূলক বক্তব্য আৰু বিদ্বেষ ভৰা লেখাটোক লৈ ৰাজ্যখনৰ সৰ্বত্ৰে চৰ্চা হৈছে। ছ’চিয়েল মিডিয়াৰ লগতে ইলেক্ট্ৰনিক সংবাদ মাধ্যমতো বিভিন্নজনে লেখকজনক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে।
তেওঁৰ এনে মন্তব্য তথা উচটনিমূলক ভাষ্যই ৰাজ্যখনত বিদ্বেষ বিয়পোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে দিচপুৰ থানাত এতিয়াও গোচৰটো পঞ্জীয়ন কৰা হোৱা নাই।