উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষ স্বাস্থ্য আঁচনি গ্ৰহণ কৰিছে ড’নাৰ মন্ত্ৰালয়ে

প্ৰতিনিধিত্বমূলক ফটো

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত স্বাস্থ্য খণ্ডক উন্নত কৰি তোলাৰ লক্ষ্যৰে এই পিছপৰা অঞ্চলত ২০খন স্বাস্থ্য আঁচনি বৰ্তমান চলি আছে। সম্প্ৰতি ড’নাৰ মন্ত্ৰালয়ে ‘’বিশেষ স্বাস্থ্য’’ আঁচনিৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ড’নাৰ মন্ত্ৰালয়ে ইয়াৰ নন্-লেপ্ছেবল চেন্ট্ৰেল পুল অফ্ ৰিচ’ৰ্চেছ (এনএলচিপিআৰ) ৰ অধীনত চিকিৎসা তথা স্বাস্থ্যখণ্ডত সৰ্বমুঠ ৫৫ খন আঁচনি গ্ৰহণ কৰিছে। ‘’স্বাস্থ্য সেৱাৰ সুবিধা উন্নত কৰি তোলাৰ ক্ষেত্ৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চলোৱা প্ৰচেষ্টাৰ উপৰি আমি বিশেষ ব্যৱস্থাসমূহ গ্ৰহণ কৰিছো। আমি ৩৫ খন আঁচনি সম্পূৰ্ণ কৰিছো আৰু ২০ খন এতিয়াও চলি আছে,’’-ড’নাৰ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এইদৰে কয়।

উত্তৰ পূব পৰিষদেও (এনইচি) চিকিৎসা আৰু স্বাস্থ্য খণ্ডৰ বাবে আঁচনি অনুমোদন কৰিছে আৰু বৰ্তমান ২৬ খন আঁচনি চলি আছে। উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্যৰ বাবে মানৱ সম্পদ আৰু ব্যৱস্থা সক্ষমতা শক্তিশালী কৰি তুলিবলৈ মন্ত্ৰালয়ে অনুমোদন দিয়া এটা প্ৰকল্পৰ কাম চলি আছে।

চিকিৎসা আৰু স্বাস্থ্য খণ্ডৰ বাবে আন্তঃগাঁথনি সৃষ্টিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা আগবঢ়োৱাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকলক হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থাও আগবঢ়াইছে।

ইতিমধ্যে ৫৪২৭.২৪ কোটি টকা ব্যয়সাপেক্ষে সৰ্বমুঠ ৬২৮ টা প্ৰকল্পৰ কাম উত্তৰ পূব পৰিষদে উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বাবে এতিয়ালৈকে গ্ৰহণ কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ৰাজ্য চৰকাৰৰ বাহিৰে অন্যান্য সংস্থাৰ অধীনত গ্ৰহণ কৰা ১৫৭ টা প্ৰকল্পৰ বাবে মুঠ ১৭২৫.৪১ কোটি টকা অনুমোদন জনোৱা হৈছে।

এই বিত্তীয় বৰ্ষত সৰ্বমুঠ ২৫৪৯.৬৭ কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰে মুঠ ২৬৬৮.০৫ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ লাভ কৰিছে।