DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমতো প্ৰৱেশ ঘটিল নেকি অনাৰ কিলিঙৰ বীজাণু? : নিজৰ মাকৰ বিৰুদ্ধেই আনিলে স্বামীক হত্যাৰ অভিযোগ

ছফিকুল আহমেদ by ছফিকুল আহমেদ
June 8, 2018 11:11 pm
Safikul Ahmed

নিহত আশ্ৰাফ আলী আৰু তেওঁৰ পত্নী।

150
VIEWS
Share on FacebookShare on Twitter

উত্তৰ ভাৰতত চলা কুখ্যাত সামাজিক ব্যাধি অনাৰ কিলিঙৰ বীজাণু অসমতো প্ৰৱেশ ঘটিল নেকি? গোৱালপাৰাত ৭ জুনৰ নিশা সংঘটিত এটা হত্যাৰ ঘটনাই এনেকুৱা এটা দুৰ্ভাৱনাৰ কাষ চপাই নিলে অসমৰ মানুহক।

ঘটনাটোত নিজৰ স্বামীক হেৰুওৱা মহিলাগৰাকীয়ে আজি সাংবাদিকৰ আগত কয়, “মোৰ মায়েই মোৰ স্বামীক হত্যা কৰিছে। এই হত্যাৰ আঁৰত তেৱেঁ আছে। তেওঁ আমাৰ প্ৰেম আৰু বিয়াক সমৰ্থন কৰা নাছিল।”

হত্যাৰ বলি হোৱা আশ্ৰাফ আলীৰ পত্নীয়ে নিজৰ মাক লাবণ্য বৰাৰ বিৰুদ্ধে অনা এই গুৰুতৰ অভিযোগ বিশেষ তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে। আনহাতে গোৱালপাৰাৰ আৰক্ষীয়ে নিশাই ঘটনাত জড়িত থকাৰ সন্দেহত সুভাষ ৰয় আৰু জ্যোতিষ ৰয় নামৰ দুজনক আটক কৰিছে। ইয়াৰে সুভাষ ৰয়ক প্ৰধান অভিযুক্ত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে প্ৰেমৰ সূত্ৰে তিনি মাহ পূৰ্বে নগাৱঁৰ কামপুৰৰ এগৰাকী হিন্দু ছোৱালীক বিয়া কৰাইছিল গোৱালপাৰাৰ আশ্ৰাফ আলীয়ে। এখন মোবাইল হেণ্ডছেটৰ দোকান দি জীৱিকা উলিওৱা আশ্ৰফ আলীক বৃহস্পতিবাৰৰ নিশা দোকানৰ পৰা ঘৰলৈ ঘূৰি যাওঁতে অচিনাক্ত আততায়ীয়ে গুলীয়াইছিল। তেওঁক ততাতৈয়াকৈ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ অনা হৈছিল যদিও পিছত মৃত্যু হয়।

জানিব পৰা মতে, আশ্ৰাফ আলীৰ পত্নীক মাকৰ ঘৰৰ মানুহে বিয়াত বাধা দিয়াৰ লগতে বিয়া হ’লে ছুপাৰি কিলাৰ লগাই তেওঁৰ স্বামীক হত্যা কৰা হ’ব বুলি মাকে সকীয়াই দিছিল। আনহাতে এই বাধা নেওচি বিয়াৰ হোৱাৰ পিছত মাকৰ ঘৰৰ পৰিয়ালটোৱে তেওঁক দুবাৰকৈ জোৰ কৰি ঘৰলৈ ঘূৰাই নিছিল। কিন্তু তাৰ পিছতো তেওঁ নিজৰ মৰমৰ স্বামীৰ ওচৰলৈ ঘূৰি আহিছিল। অৱশেষত সমাজৰ সংকীৰ্ণতাৰ বাবে কেৱল ধৰ্মটো বেলেগ হোৱা বাবেই তেওঁ নিজৰ স্বামীৰ জীৱনৰ দাম ভৰিব লগীয়া হ’ল।

আনহাতে, আমাৰ সাংবাদিকৰ আগত গোৱালপাৰাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয়, “আমি কেছটোৰ তদন্ত কৰি আছো। হত্যাৰ বলি হোৱা যুৱকজনৰ পত্নীৰ ভাষ্য বিবেচনা কৰাৰ লগতে সকলো সম্ভাৱনা চাই আছো।”

উল্লেখযোগ্য যে হত্যাৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত সৃষ্টি হ’ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰাকৈ নিৰাপত্তা ব্যৱস্থাত চকু ৰখা হৈছে। আমছুৱে ঘটনাটোত জড়িত অপৰাধীক শাস্তি দিয়াৰ লগতে নিহতৰ পৰিয়াললৈ দহ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে।

Recent News

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd