DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিক লৈ দেশজুৰি ষড়যন্ত্ৰ: অসম, উত্তৰ-পূবৰ ‘সাৰ্বভৌমত্ব’ৰ প্ৰস্তাৱ উত্থাপন বিশ্বজিৎ দৈমাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2018 5:47 pm
Assam MP Biswajit Doimari in Rajya Sabha on NRC

বি পি এফৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী। ফাইল ফটো।

178
VIEWS
Share on FacebookShare on Twitter

অসমৰ এন আৰ চিৰ চূড়ান্ত খচৰাই ৪০ লাখ ভাৰতীয়ক অন্যায়্ভাৱে বিদেশী সজোৱা বুলি একাংশ ৰাজনৈতিক দল বিশেষকৈ তৃণমূল কংগ্ৰেছে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ মাজতে আজি ৩১ জুলাইত ৰাজ্য সভাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ‘সাৰ্বভৌমত্ব’ৰ প্ৰস্তাৱ উত্থাপন কৰিলে বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

ৰাজ্যসভাত বক্তব্য ৰখাত একাংশ সাংসদে বাৰেপতি দিয়া বাধাৰ বিৰুদ্ধে প্ৰচণ্ড প্ৰতিবাদ আৰু ক্ষোভেৰে ‘সেইকাৰণেই অসমৰ মানুহে সাৰ্বভৌমত্ব পৰ্য্যন্ত বিচাৰিছে’ বুলি মন্তব্য কৰে অসমৰ সাংসদজনে।

‘চাওক মই অসমৰ পৰা আহিছো। ভাৰতৰ কোনো ৰাজ্যই এই বিষয়টো যদি সহ্য নকৰে, তেন্তে উত্তৰ-পূৰ্বাঞ্চলক এৰি দিয়ক। অসমক এৰি দিয়ক,’ প্ৰচণ্ড ক্ষোভেৰে ৰাজ্য সভাত মন্তব্য দৈমাৰীৰ।

খচৰাত নাম নহা ৪০ লাখ লোকৰ বিষয়টো স্পষ্ট কৰি দিয়াৰ বাবে বক্তব্য ৰাখিব খোজা অসমৰ সাংসদজনক কথা শুনিব নোখোজা সদনৰ সাংসদসকলকো তীব্ৰ প্ৰত্যাহ্বান জনাই দৈমাৰীয়ে।

‘মই অকলে আছো। আমাৰ কথা কোৱাৰ অধিকাৰ নাই নেকি?’ বুলি বুকুত চপৰিয়াই সংসদক প্ৰশ্ন কৰে দৈমাৰীয়ে।

যোৱা ৩০ জুলাইত প্ৰকাশিত খচৰাই কাকো বিদেশী বুলি ঘোষণা নকৰাৰ পিছতো প্ৰায়সংখ্যক ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু একাংশ ৰাজনৈতিক দলে অসমত ৪০ লাখ লোকক বিদেশী ঘোষণা কৰা হৈছে বুলি ব্যাপক অপপ্ৰচাৰ চলাইছে।

খচৰাত নাম নহা কোনো লোকসকলক লৈ চলা মিছা প্ৰচাৰৰ বিষয়টো সম্পৰ্কে স্পষ্ট কৰিব খোজা দৈমাৰীক বাধা আৰোপ নকৰিবলৈ সদনৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইদুয়ে সাংসদসকলক বাৰম্বাৰ অনুৰোধ কৰিব লগাও হয়।

এন আৰ চিৰ নামত অসমত কাকো হাৰাশাস্তি কৰা হোৱা নাই বুলি দৈমাৰীয়ে সদনত স্পষ্ট কৰি দিয়ে।

‘এই ৪০,০৭,৭০৭ গৰাকী লোকৰ সংখ্যাটো পৰিয়ালৰ সংখ্যা নহয়। ইয়াত বুঢ়াৰ পৰা শিশুলৈকে আছে। এইসকলৰ মাজত অসমীয়া মানুহো আছে,’ সদনত দৈমাৰীৰ স্পষ্টীকৰণ।

এইসকল লোকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় বুলি দেশৰ গৃহ বিভাগে ইতিমধ্যে কৰা ঘোষণাও সদনত দৃঢ়তাৰে দোহাৰে অসমৰ সাংসদজনে।

Recent News

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd