• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্থাপিত দাবী পূৰণ নহ’লে সংসদ ঘেৰাওৰ হুংকাৰ পূৰ্বোত্তৰ সীমান্ত ৰে’লৱে কৰ্মচাৰী সংঘৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 18, 2018 10:52 pm

2 min read

উত্থাপিত দাবী পূৰণ নহ’লে সংসদ ঘেৰাওৰ হুংকাৰ পূৰ্বোত্তৰ সীমান্ত ৰে’লৱে কৰ্মচাৰী সংঘৰ
112
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰে’ল মজদুৰ সংঘৰ উদ্যোগত সমগ্ৰ দেশৰ সমান্তৰালভাৱে আজি গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ চৌহদত পূৰ্বোত্তৰ সীমান্ত ৰে’লৱে কৰ্মচাৰী সংঘই দিনৰ ১২ বজাৰ পৰা ২ বজালৈকে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

সংঘৰ আহ্বায়ক দেৱাশীষ দত্তই জনোৱা অনুসৰি তেওঁলোকে এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ‘ৰে’লত পুৰণি পেঞ্চনৰ নিৰিখ প্ৰৱৰ্তন, আয়কৰ ৰেহাই, দৰমহাৰ ন্যূনতম হাৰ বৃদ্ধি, সপ্তম দৰমহা আয়োগৰ দ্বাৰা অনুমোদিত ভাট্টা প্ৰদান, ৰে’লত পোনপটীয়া বিদেশী বিনিয়োগ আৰু আউট চিটিঙ বন্ধ কৰা, ১২ ঘণ্টীয়া কৰ্মৰ সময় বন্ধ কৰা আৰু ট্ৰেকমেনক কাৰিকৰী ব্যক্তিৰ মৰ্যাদা প্ৰদান কৰা’কে  ধৰি মুঠ ২৪ টা দাবী উত্থাপন কৰে।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে মুঠ ১৭ টা জ’নৰ পৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধকৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ ২৪ টা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

আনহাতে এই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ৰে’লৱে বিভাগে যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে তেতিয়া ভাৰতীয় ৰে’ল মজদুৰ  সংঘই সংসদ ভৱন ঘেৰাও কৰিবলৈও বাধ্য হ’ব বুলি পূৰ্বোত্তৰ সীমান্ত ৰে’লৱে কৰ্মচাৰীৰ সংঘৰ আহ্বায়ক দেৱাশীষ দত্তই জনায়।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ভাৰতীয় ৰে’ল মজদুৰ সংঘৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে  ৰে’লৰ ক্ৰমৱৰ্দ্ধমান কাম-কাজৰ বিপৰীতে কৰ্মচাৰীৰ সংখ্যা কমি যোৱা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সংঘৰ সভাপতি এন কে ৰয়, সাধাৰণ সম্পাদক গণেশ বড়ো, জিতু হাজৰিকা, ৰঞ্জিত চক্ৰৱৰ্তী, দিলীপ চৰকাৰ, অনিতা সিং, বিশ্বজিৎ চক্ৰৱৰ্তীকে ধৰি বহু সদস্যই অংশগ্ৰহণ কৰে।

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd