আৰ টি আই কৰ্মী নিৰ্মল পায়েঙে পোহৰলৈ অনা লখিমপুৰ জিলাৰ উপায়ুক্তৰ ভুৱা চহীৰে অনুকম্পামূলক পদত শিক্ষক হৈ থকা ১৬ জনকৈ ব্যক্তিৰ বিস্ফোৰক কাহিনী নৰ্থ ইষ্ট নাও-ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত অভিযুক্তকেইজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ কঠোৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে।
‘গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায় অনুসৰি তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকক নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ লখিমপুৰৰ জিলা উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে,’ নৰ্থ ইষ্ট নাও-ক জনালে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই।
তাৰোপৰি এই সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবে প্ৰাথমিক শিক্ষা বিভাগৰ যুটীয়া সচিব পাৰ্থ মজুমদাৰক দায়িত্ব দিয়া হৈছে বুলিও শইকীয়াই নৰ্থ ইষ্ট নাও-ক জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে আৰু কিছু অনিয়মৰো তদন্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে।
আনহাতে প্ৰাথমিক শিক্ষা সঞ্চালক সঞ্জীৱ কুমাৰ ভূঞাক এই সন্দৰ্ভত সাক্ষাৎ কৰাত ১৫ জন শিক্ষকৰ দৰমহা বন্ধ কৰাৰহে নিৰ্দেশ দিয়া বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল।
ক্লিক কৰি পঢ়ক নৰ্থ ইষ্ট নাও-ৰ পূৰ্বৰ প্ৰতিবেদন: উপায়ুক্তৰ জাল চহীৰে চাকৰিত ১৬জনকৈ শিক্ষক; নিমাত শিক্ষা মন্ত্ৰী
অৱশ্যে প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই নৰ্থ ইষ্ট নাও-ৰ আগত শিক্ষকসকলক বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়া বুলি নিশ্চিত কৰিছে। ‘শিক্ষক কেইজনক বৰ্খাস্ত কৰাৰ নিৰ্দেশটো হয়তো সঞ্চালকে এতিয়ালৈ লাভ কৰা নাই,’ শইকীয়াই কয়।
প্ৰীতম শইকীয়াই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে ‘লখিমপুৰ জিলাৰ সেই শিক্ষক কেইজনৰ নিযুক্তিৰ বাবে জিলা পৰ্যায়ৰ সমিতি (DLC) য়ে দাখিল কৰা কাৰ্যবিৱৰণী (Minutes) ভুৱা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায় অনুসৰি’ এই নিৰ্দেশ দিয়া হৈছে।
লখিমপুৰৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া মৃদুল নাথে ‘প্ৰাথমিক শিক্ষা সঞ্চালকৰ পৰা পোৱা নিৰ্দেশ অনুসৰি পূৰ্বতে ৬ জন আৰু শেহতীয়াভাৱে ৯ জন শিক্ষকৰ দৰমহা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে’ বুলি জনাইছে।
নাথে জনোৱা মতে দৰমহা বন্ধ হোৱা শিক্ষক ৯ জন হ’ল- উচ্চ প্ৰাথমিকৰ দিগন্ত বিশ্বাস, প্ৰমোদ দাস, তোষেন ভূঞা, প্ৰদীপ বৰা আৰু নিম্ন প্ৰাথমিকৰ পুলক জ্যোতি বৰা, মঃ নাজিৰ আলি, সুৰেশ পেগু, ৰূপক শইকীয়া আৰু মিছ সংগীতা বৰা। আন ৬ জন শিক্ষকৰ দৰমহা পূৰ্বতেই বন্ধ কৰা হৈছিল।
আমি পূৰ্বতে লাভ কৰা তথ্য অনুসৰি ১৬ জন শিক্ষকৰ নাম পোৱা গৈছিল যদিও বৰ্তমান ইয়াৰে ১৫ গৰাকীৰ বিৰুদ্ধেহে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
সম্পূৰ্ণ তালিকাখন এতিয়ালৈকে লাভ কৰা নাই বাবে জানিব পৰা হোৱা নাই বাকীজন কোন?