• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

একাউণ্ট যোগে মজুৰি লোৱা চাহ শ্ৰমিকৰ একাউণ্টত আৰু ২৫০০ টকা প্ৰদান কৰা হ’ব : মুখ্য মন্ত্ৰী সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 8, 2018 9:16 pm

2 min read

একাউণ্ট যোগে মজুৰি লোৱা চাহ শ্ৰমিকৰ একাউণ্টত আৰু ২৫০০ টকা প্ৰদান কৰা হ’ব : মুখ্য মন্ত্ৰী সোণোৱাল
162
VIEWS
Share on FacebookShare on Twitter

আজি গোলাঘাট সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দশম ত্ৰি-বাৰ্ষিক ৰাজ্যিক অধিৱেশন উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ চাহ শিল্পৰ বিকাশৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। লগতে বিমুদ্ৰাকৰণৰ পিছত চাহ সম্প্ৰদায়ৰ ৮ লাখ লোকে বেংক একাউণ্ট যোগে মজুৰি লোৱাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে একাউণ্ট যোগে মজুৰি লোৱা সকলক ইতিমধ্যে ২৫০০ টকাকৈ প্ৰদান কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আৰু ২৫০০ টকা প্ৰদান কৰা হ’ব বুলি কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত আমাৰ ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে গুণগত মান সম্পন্ন চাহ উৎপাদনৰ বাবে প্ৰয়াস চলাব লাগিব যাতে বিশ্ব পৰ্যায়ত অসমৰ সুনাম অক্ষুণ্ণ ৰাখিব পৰা যয় বুলিও কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ভূমিৰ পট্টা প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ভূমিপুত্ৰ সকলৰ মাটিৰ অধিকাৰ যাতে তেওঁলোকৰ হাতত থাকে তাৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ দিবাংগ সকলৰ বাবে প্ৰতিমাহে ১০০০ টকা প্ৰদান, বিপিএল, এপিএল কোনো শ্ৰেণী বিভাজন নকৰাকৈ সকলো জ্যেষ্ঠ নাগৰিকলৈ পেঞ্চন প্ৰদান, গাঁওবুঢ়া আৰু অংগনাৱাড়ী কৰ্মীৰ পাৰিতোষিক বৃদ্ধি, কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত ১,২৬,০০০ টা আত্মসহায়ক গোটলৈ পুঁজি যোগান, লাইনৰ চৰদাৰ সকললৈ স্মাৰ্ট ফোন প্ৰদানৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

আজিৰ অনুষ্ঠানটোত কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়কদ্বয় মৃণাল শইকীয়া আৰু বিমল বৰা, হাউচিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, ইণ্ডিয়ান টি ব’ৰ্ডচ স্মল টি গ্ৰ’ৱাৰ্ছ চেলৰ অধ্যক্ষ বিদ্যানন্দ বৰা, এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ অমিয় বৰাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd