DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এথলীট হিমা দাসলৈ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা য়ু বি চিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2018 8:52 am
HimaDas
92
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ভাৰতীয় এথলেটিকছ জগতত চাঞ্চল্য সৃষ্টি কৰা অসম কন্যা হিমা দাসক ২০১৭ বৰ্ষৰ য়ুনাইটেড ব্ৰাডাৰ্ছ ক্লাব চমুকৈ য়ু বি চি অসম শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰে সন্মানিত কৰা হ’ব। হিমাক সমাজসেৱী মহিলা হবিবন নেছা সোঁৱৰণী বঁটাৰ লগতে নগদ এক লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ’ব।

আনহাতে, য়ু বি চি অসম শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে ১৯ বছৰ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অন্যতম সদস্য তথা অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ানে লাভ কৰিব পুতু শইকীয়া সোঁৱৰণী বঁটাৰ লগতে নগদ ৫০ হেজাৰ টকা।

উল্লেখ্য যে অহা ১ জুলাইত হোটেল নভ’টেলত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত খেলুৱৈ দুগৰাকীক উক্ত বঁটা প্ৰদান কৰা হ’ব।

য়ুনাইটেড ব্ৰাডাৰ্ছ ক্লাব চমুকৈ য়ু বি চিয়ে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত এই বিষয়ে সদৰী কৰে ক্লাবৰ সভাপতি প্ৰণয় বৰদলৈয়ে। আনহাতে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যই এই বছৰ য়ু বি চি অসম ক্ৰীড়া বঁটা লাভ কৰা আন খেলুৱৈ আৰু সংগঠকৰ নামো ঘোষণা কৰে।

ক্লাবটোৱে সেই মতে অসম ৰাইফলছ শ্বুটিং সন্থাৰ সম্পাদক ভৱ কলিতাক শ্ৰেষ্ঠ ক্ৰীড়া সংগঠক আৰু কমলাকান্ত সিঙক শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষকৰ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, ২০১৭ চনৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত উজলি উঠা ১২ গৰাকী খেলুৱৈ-সংগঠকক সম্বৰ্ধনা দিবলৈ থিৰাং কৰা হৈছে। এইসকলৰ ভিতৰত আছে কৃষ্টি বড়ো, প্ৰাঞ্জল ভূমিজ, অস্মিতা চলিহা, লাভলিনা বৰগোহাঁই, হৃদয় হাজৰিকা, অংকুশিতা বড়ো, তৃষা গগৈ, অনু চেতিয়া, বিশ্বজিৎ ৰায়, অন্যতম ৰাজকোঁৱৰ, ৰ’দালি বৰুৱা আৰু সুকুমাৰ মেধি।

Recent News

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd