• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিক ভেকো-ভাওনা আখ্যা, বিদেশীক স্বদেশী কৰাৰ অভিযোগ বীৰ লাচিত সেনাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2018 6:15 pm
Lachit Sena
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ তদাৰকত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই জাগৃত হৈ উঠিছে বীৰ লাচিত সেনা, আহোম সেনা আৰু উত্তৰ পূব-সংঘ।

উল্লেখযোগ্য যে, এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছৰে পৰা নীৰৱ ভূমিকা গ্ৰহণ কৰা উক্ত সংগঠন তিনিটাই হঠাৎ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত এন আৰ চিখনৰ বিৰোধিতাৰে মূৰ দাঙি উঠা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

Apply Now

লগতে ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে মানি নল’লে অসমক পূৰ্ণ স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ দাবী তোলে তথাকথিত সংগঠনটোৰ নেতৃবৃন্দই।

শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনে কয়, “১২২০ কোটি টকীয়া এন আৰ চি ভেকো-ভাওনাত পৰিণত হ’ল। ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমলৈ অহা লক্ষাধিক বিদেশীক এন আৰ চি প্ৰক্ৰিয়াই স্বদেশী সজালে। গতিকে আমি ১৯৫১ চনটো ভিত্তি বৰ্ষ হিচাপে দাবী কৰিছো।”

তেওঁ লগতে ‘ভাৰতৰ অন্য ৰাজ্যত ১৯৫১ চনৰ ভিত্তিত বিদেশী চিনাক্তকৰণ হৈছে’ বুলি সদৰী কৰি কয় যে অসমৰ ক্ষেত্ৰত বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষটো ১৯৭১ চন কিয় হ’ব?

আনহাতে, ভাৰতৰ অংগৰাজ্য অসম হয়, তেন্তে ১৯৫১ চনেই হ’ব লাগে বুলি তেওঁ সংবাদমেল জৰিয়তে দাবী জনায়।

তদুপৰি, বিদেশী বহিষ্কাৰৰ নামত ৮৫৫গৰাকী চহিদৰ তেজৰ মূল্য অথলে যোৱা বুলি মন্তব্য কৰি লগতে কয়, “১৯৮৫ চনত যেতিয়া অসম চুক্তি স্বাক্ষৰ হৈছিল, তেতিয়া অসমবাসীয়ে মিঠাই খাইছিল। মিঠাই খাই কিন্তু ৮৫৫গৰাকী চহিদক অপমান কৰাহে হ’ল। অসম চুক্তি স্বাক্ষৰ হোৱা ৩২টা বছৰ যোৱাৰ পাছতো মাত্ৰ ৩ হাজাৰ বিদেশীহে চিনাক্তকৰণ হ’ল।”

বীৰ লাচিত সেনাৰ মুখ্য সচিবগৰাকীয়ে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত কিছু সংখ্যক জাতীয়তাবাদী দল-সংগঠনে মিঠাই খাই আনন্দ উল্লাস কৰিবলৈ আৰম্ভ কৰিছে বুলিও জাতীয়তাবাদী দল-সংগঠনসমূহক কটাক্ষ কৰে।

তেওঁ লগতে কয় যে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে যিমানখিনি পূব পাকিস্তানী মানুহ ভাৰতলৈ আহিছিল সেইসকলক বৈধ নাগৰিকত্ব প্ৰদান কৰা হ’ল এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জৰিয়তে, গতিকে তেওঁলোকে ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

আনহাতে, আগন্তুক সময়ত উচ্চতম ন্যায়ালয়ত মতিউৰ ৰহমানে ৰুজু কৰা গোচৰক বীৰ লাচিত সেনা অসম, আহোম সেনা আৰু উত্তৰ-পূব সংঘৰ একত্ৰিতভাৱে এখন যৌথ সমিতি গঠন কৰি তথা অসমৰ খিলঞ্জীয়া সত্তাক ঐক্যবদ্ধ কৰি জাতি উদ্ধাৰৰ মহা সংগ্ৰামৰ আৰম্ভণি কৰিব বুলিও সংবাদমেলত মত পোষণ কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে সাংসদ বিশ্বজিৎ দৈমাৰীৰ সুৰতে সুৰ মিলাই তথাকথিত নেতাজনে  ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে কেন্দ্ৰীয় চৰকাৰে মানি নলয়, তেন্তে অসমক স্বাধীনতা প্ৰদান কৰিবৰ বাবেও দাবী জনায়।

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থকা আহোম সেনাৰ ৰাজ্যিক সভাপতিয়ে কয় যে কংগ্ৰেছ চৰকাৰে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে যিবিলাক বিদেশী লোক সেইসকলক অসমলৈ অহাৰ সুবিধা কৰি দি অসমক বিদেশী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা চলাইছে।

আনহাতে, বীৰ লাচিত সেনাৰ মুখ্য সচিবৰ সুৰতে সুৰ মিলাই তেওঁ এখোপ ওপৰলৈ গৈ মন্তব্য কৰে এনেদৰে, “যদি বিদেশীৰে ভৰপূৰ ৰাষ্ট্ৰই হ’বলৈ হয়, তেন্তে অসমক স্বাধীনতা দি দিব লাগে যাতে খিলঞ্জীয়াসকলে নিজৰ পৰিচয় অটুট ৰাখি জীয়াই থাকিব পাৰে। তেতিয়া আমি বিদেশী কেনেকৈ খেদিব লাগে খেদিম।”

ইয়াৰোপৰি তেওঁ “ৰাজনৈতিক দলৰ বক্তব্যত এটা কথাই ফুটি উঠিছে যে, যিখিনি বিদেশী মানুহ আছে, সেইখিনিক স্বদেশী কৰাটো তেওঁলোকৰে কৃতিত্ব।” এইবুলি মন্তব্য কৰি লগতে কয় “এনআৰচিৰ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকক যদি নাগৰিকত্ব প্ৰদান কৰিব পাৰে, তেন্তে তেওঁলোকৰ যিটো ভোটবেংকৰ ৰাজনীতি আছে, সেই ৰাজনীতি অধিক শক্তিশালী হৈ পৰিব।”

“গোটেইকেইটা ৰাজনৈতিক দলে তেওঁলোকৰ স্বাৰ্থৰ বাবে সমগ্ৰ অসমীয়া জাতিটোক নিঃশেষ কৰি দিলে।” অংকুৰণ ফুকনে এইদৰে কয়।

আনহাতে, অহা চেপ্তেম্বৰ মাহত উক্ত তিনিটা সংগঠনৰ নেতৃবৃন্দকে ধৰি প্ৰায় ৩০ টা সংগঠনৰ নেতৃবৃন্দ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে।

তদুপৰি, উক্ত সংবাদমেলতে উপস্থিত থকা উত্তৰ-পূব সংঘৰ মুখ্য আহ্বায়ক পংকজ কুমাৰ হাজৰিকাই ২০১১ চনৰ লোকপিয়লত ৩,১২,০৫,৫৬৭ গৰাকী জনসংখ্যাৰ বিপৰীতে এন আৰ চিৰ বাবে কেনেকৈ ৩,২৯,৯১,৩৮৪ গৰাকী লোকে আৱেদন কৰিব পাৰিলে বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰাৰ লগতে এইক্ষেত্ৰত এক ৰহস্য লুকাই থকা বুলিও সন্দেহ প্ৰকাশ কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd