• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত নাম নাথাকিলেও ভোট দিব পাৰিব : মুখ্য নিৰ্বাচন আয়ুক্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2018 7:15 am
OmPrakashRawt
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত উন্নীতকৃত হোৱা চূড়ান্ত এন আৰ চিতো যদি নাম নাথাকে, তেতিয়াও ভোটাৰ তালিকাৰ পৰা এই সকলৰ নাম স্বয়ংক্ৰিয়ভাৱে বাদ নপৰে। এই কথা স্পষ্ট কৰিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ওমপ্ৰকাশ ৰাৱতে।

৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ (অসম) চূড়ান্ত খচৰাৰ পৰা ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰাক লৈ দেশৰ সৰ্বত্ৰে হৈ-চৈৰ সৃষ্টি হৈ থকাৰ সময়তে সংবাদ মাধ্যমে সোধা এটা প্ৰশ্নৰ উত্তৰ দি ৰাৱতে এইদৰে স্পষ্ট কৰে।

Apply Now

তেওঁক সোধা হৈছিল যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো  সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ পৰা (এন আৰ চি) বাদ পৰাসকলে ভোটাধিকাৰৰ ক্ষেত্ৰত কি পৰিণতিৰ সন্মুখীন হ’ব? এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে ভোটাৰ তালিকা এটা নিয়মৰ দ্বাৰা পৰিচালিত হয় আৰু চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা মানেই অসমৰ ভোটাৰ তালিকাৰ পৰা স্বয়ংক্ৰিয়ভাৱে বাদ পৰাটো নুবুজায়।

ৰাৱতে তিনিটা বিকল্পৰ কথা উল্লেখ কৰি কয়, চূড়ান্ত নাগৰিকপঞ্জীত নাম নথকা সত্ত্বেও ৰাজ্যখনৰ ভোটাৰ তালিকাত নাম থাকিব আৰু অহা লোকসভা নিৰ্বাচনত ভোট দিব পাৰিব, যদিহে তেওঁ (বাদ পৰা কোনো ভোটাৰে) নিৰ্বাচনী পঞ্জীয়ন বিষয়াক তিনিটা কথা উপযুক্ত নথি-পত্ৰসহ প্ৰমাণ কৰি দেখুৱাব পাৰে। এক- তেওঁ ভাৰতীয় নাগৰিক হয়। দুই- তেওঁৰ বয়স ২০১৯ চনৰ জানুৱাৰিত নিম্নতম ১৮ বছৰ আৰু তিনি- তেওঁ সেই সমষ্টিটোৰ এজন সাধাৰণ বাসিন্দা হয়।

ৰাৱতৰ মতে, অহা বছৰ হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে অসমৰ ভোটাৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ তিনিটা পৰিস্থিতি নিৰ্ণয় কৰিছে, প্ৰথম- ৰাজ্যখনৰ ভোটাৰ তালিকাত নাম থকা আৰু এন আৰ চিতো নাম থকাসকলৰ কোনো সালসলনি নহয়। দ্বিতীয়- যিসকল ভোটাৰৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে কিন্তু বিদেশী ন্যায়াধিকৰণ বা আদালতৰ ‘বিদেশী’ ৰায়ৰ সন্মুখীন হ’ব লগীয়া হোৱা নাই, তেওঁলোকৰ নাম ভোটাৰ তালিকাত থাকিব।

আনহাতে যিসকলৰ নাম এন আৰ চিতো নাই আৰু তেওঁলোকৰ নাম বাদ পৰাটোক ন্যায়ালয়ত প্ৰত্যাহ্বান নজনালে তেওঁলোকৰ ক্ষেত্ৰত ১৯৫০ চনৰ প্ৰতিনিধিত্ব আইন (Representation of People Act of 1950)ৰ দ্বাৰা নিৰ্ধাৰিত যোগ্যতাসূচক মানবোৰৰ আধাৰত ভোটাৰ পঞ্জীয়ন বিষয়াই সিদ্ধান্ত ল’ব।

মুখ্য নিৰ্বচন আয়ুক্তজনক আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা হৈছিল এই বুলি- এন আৰ চিৰ পৰা বাদ পৰাটোৱে এজন লোকৰ ভাৰতীয় নাগৰিকত্বৰ ওপৰত সন্দেহৰ সৃষ্টি কৰে নেকি? ইয়াৰ উত্তৰত তেওঁ কয়, “ধৰক মই অসমত চাকৰি কৰি আছো। কিন্তু মই মধ্য প্ৰদেশত ডাঙৰ-দীঘল হৈছো। আপোনালোকে মোক কেনেকৈ ক’ব পাৰে যে মোৰ নাম এন আৰ চিত নথকা মানেই মই ভাৰতীয় নাগৰিক নহওঁ। সেইটো ক’ব নোৱাৰি।”

আয়ুক্তজনে সাংবাদিকক জনোৱা মতে, নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচনী বিষয়াক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক লগ কৰি খচৰা এন আৰ চিৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াটোৰ সৈতে অসমৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনৰ সংগতি ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা অহা বছৰৰ ৪ জানুৱাৰিত প্ৰকাশ কৰা হ’ব। আয়োগে এই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা এটা প্ৰাথমিক প্ৰতিবেদন আশা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd