এন আৰ চিৰ অজুহাতত প্ৰাদেশিকীকৰণৰ কাম পিছুৱাই নিনিবলৈ চৰকাৰক সকীয়াই দিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ৷ বৰপেটা প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ সভাত এই সকীয়নী প্ৰদান কৰে ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূৱনেশ্বৰ লহকৰে।
ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাৰী সভাপতি ছবেদ ভূঞাৰ সভাপতিত্বত দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত এই সভাখনৰ উদ্দেশ্য বাখ্যা কৰে যুটীয়া সম্পাদক পুলেন্দ্ৰ দাসে ৷ সভাখনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ লহকৰে লগতে কয় যে প্ৰাদেশিকীকৰণ সন্দৰ্ভত চৰকাৰে প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
প্ৰাদেশিকীকৰণ আইন ২০১৮ ই শিক্ষকসকলৰ পদসমূহত জটিলতা সৃষ্টি কৰা বুলি উল্লেখ কৰি এই জটিলতাসমূহ আঁতৰ কৰাৰ বাবে শিক্ষক সমাজ পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য বুলিও তেওঁ কয় ৷ এন আৰ চিৰ অজুহাতত যাতে প্ৰাদেশীকৰণৰ কাম পিছুৱাই নিনিয়ে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে নেতাগৰাকীয়ে ৷
সভাখনত ঐক্যমঞ্চৰ কেবাগৰাকী নেতাই ভাষণ প্ৰদান কৰাৰ লগতে ঐক্যমঞ্চৰ পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰা হয় ৷ সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি কুশল চন্দ্ৰ হালৈয়েও প্ৰাদেশিকীকৰণ সন্দৰ্ভত চৰকাৰৰ কামকাজক সমালোচনা কৰে ৷