• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ চূড়ান্ত খচৰা : কিমানৰ নাম বাদ পৰিল তথ্য প্ৰকাশৰ পৰা বিৰত থাকিল নগাওঁ জিলা প্ৰশাসন

NE NOW NEWS মিণ্টু দাস
নগাঁও , July 31, 2018 7:33 am

2 min read

national-register-of-citizens-released-in-assam_45d33110-93fa-11e8-bd6f-c32900bc590c

নগাঁবত এন আৰ চিৰ চূড়ান্ত খচৰাত নাম বিচাৰি নাগৰিকৰ ভিৰ। ফটো : দ্য হিন্দুস্তান টাইমছৰ সৌজন্যত

271
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত খচৰা সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো সোমবাৰে পুৱা প্ৰকাশ পায়। নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিৰ ৪,১৪,১২৫ টা পৰিয়ালৰ ২০,৬৪,২৬২গৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰিছিল।

সোমবাৰে প্ৰকাশ পোৱা চূড়ান্ত খচৰাত নিজৰ নাম অন্তৰ্ভূক্তি নিশ্চিত কৰাৰ বাবে জিলাখনৰ ১৮৩ টা এন আৰ চি সেৱাকেন্দ্ৰত নাগৰিকে ভিৰ কৰা পৰিলক্ষিত হয়। বহু নাগৰিকে ইন্টাৰনেটৰ সহায়ত পোনপটীয়াকৈ নিজৰ আৰু পৰিয়ালৰ আন সদস্যৰ নাম আছেনে নাই পৰীক্ষা কৰে।

নগাঁও জিলাত ৰূপহীহাট, ধিং, বটদ্ৰৱা, চামগুৰি, ৰহা বিধান সভা সমষ্টিত গৰিষ্ঠসংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ বাসিন্দা আছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত কিমানজন আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত নহ’ল সেয়া অদ্যপি জিলা প্ৰশাসনে প্ৰকাশ কৰা নাই।

সংবাদ মাধ্যমৰ তৰফৰ পৰা জিলা উপায়ুক্তক যোগাযোগ কৰিও এই সম্পৰ্কত কোনো নিশ্চিত তথ্য পোৱা নগ’ল। জিলা প্ৰশাসনৰ এই নীৰৱতাই নগাঁও জিলাৰ বুজন সংখ্যক লোক নাগৰিক পঞ্জীৰ নাম অন্তৰ্ভূক্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা ঘণীভূত হৈ পৰিছে।

উল্লেখ্য যে নগাঁও জিলা প্ৰশাসনৰ ৭১ টা অঞ্চল অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰি উক্ত স্থানসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশক লৈ  নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত সোমবাৰে জনসমাগম সেৰেঙা দেখা পোৱা যায়।

নগাঁও চহৰৰ ধিং গেট, হয়বৰগাঁও, বৰবজাৰ আদি ব্যস্ততাপূৰ্ণ অঞ্চলত জনসমাগম আছিল অতি সেৰেঙা। আনকি চহৰখনত ব্যক্তিগত যানবাহন, ৰিক্সা, ঠেলা, ই-ৰিক্সা আদিৰ চলাচলো আছিল অতি কম। অনাহুত পৰিস্থিতিৰ আশংকাত বহুলোক ঘৰতে সোমাই আছিল। অৱশ্যে এই পৰ্যন্ত জিলাখনত কোনো অপ্ৰীতিকৰ সংবাদ পোৱা নাই।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ব্যক্তিৰ নামৰ কিছুমান খেলি-মেলি হোৱাৰ লগতে কোনো কোনো পৰিয়ালৰ এজন ব্যক্তিৰ নাম আহি আন সকলৰ নাম নহাৰ খবৰ পোৱা গৈছে। এন আৰ চি ত কিমান লোকৰ নাম বাদ পৰিল সেয়া দুই-এদিনৰ ভিতৰতে গম পোৱা যাব।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd