বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত খচৰা সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো সোমবাৰে পুৱা প্ৰকাশ পায়। নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিৰ ৪,১৪,১২৫ টা পৰিয়ালৰ ২০,৬৪,২৬২গৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰিছিল।
সোমবাৰে প্ৰকাশ পোৱা চূড়ান্ত খচৰাত নিজৰ নাম অন্তৰ্ভূক্তি নিশ্চিত কৰাৰ বাবে জিলাখনৰ ১৮৩ টা এন আৰ চি সেৱাকেন্দ্ৰত নাগৰিকে ভিৰ কৰা পৰিলক্ষিত হয়। বহু নাগৰিকে ইন্টাৰনেটৰ সহায়ত পোনপটীয়াকৈ নিজৰ আৰু পৰিয়ালৰ আন সদস্যৰ নাম আছেনে নাই পৰীক্ষা কৰে।
নগাঁও জিলাত ৰূপহীহাট, ধিং, বটদ্ৰৱা, চামগুৰি, ৰহা বিধান সভা সমষ্টিত গৰিষ্ঠসংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ বাসিন্দা আছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত কিমানজন আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত নহ’ল সেয়া অদ্যপি জিলা প্ৰশাসনে প্ৰকাশ কৰা নাই।
সংবাদ মাধ্যমৰ তৰফৰ পৰা জিলা উপায়ুক্তক যোগাযোগ কৰিও এই সম্পৰ্কত কোনো নিশ্চিত তথ্য পোৱা নগ’ল। জিলা প্ৰশাসনৰ এই নীৰৱতাই নগাঁও জিলাৰ বুজন সংখ্যক লোক নাগৰিক পঞ্জীৰ নাম অন্তৰ্ভূক্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা ঘণীভূত হৈ পৰিছে।
উল্লেখ্য যে নগাঁও জিলা প্ৰশাসনৰ ৭১ টা অঞ্চল অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰি উক্ত স্থানসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশক লৈ নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত সোমবাৰে জনসমাগম সেৰেঙা দেখা পোৱা যায়।
নগাঁও চহৰৰ ধিং গেট, হয়বৰগাঁও, বৰবজাৰ আদি ব্যস্ততাপূৰ্ণ অঞ্চলত জনসমাগম আছিল অতি সেৰেঙা। আনকি চহৰখনত ব্যক্তিগত যানবাহন, ৰিক্সা, ঠেলা, ই-ৰিক্সা আদিৰ চলাচলো আছিল অতি কম। অনাহুত পৰিস্থিতিৰ আশংকাত বহুলোক ঘৰতে সোমাই আছিল। অৱশ্যে এই পৰ্যন্ত জিলাখনত কোনো অপ্ৰীতিকৰ সংবাদ পোৱা নাই।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ব্যক্তিৰ নামৰ কিছুমান খেলি-মেলি হোৱাৰ লগতে কোনো কোনো পৰিয়ালৰ এজন ব্যক্তিৰ নাম আহি আন সকলৰ নাম নহাৰ খবৰ পোৱা গৈছে। এন আৰ চি ত কিমান লোকৰ নাম বাদ পৰিল সেয়া দুই-এদিনৰ ভিতৰতে গম পোৱা যাব।