• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ মুহূৰ্তটো ঐতিহাসিক মুহূৰ্ত হৈ ৰ’ব : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য 

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 29, 2018 10:14 pm

3 min read

Samujjal Bhattacharya

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

296
VIEWS
Share on FacebookShare on Twitter

‘৩৮ বছৰজোৰা সংগ্ৰামৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ ওলোৱাটো সকলোৰে বাবে ঐতিহাসিক মুহূৰ্ত হৈ ৰ’ব।‘

মাত্ৰ কেইঘণ্টামানৰ পিছতে প্ৰকাশ পাব লগীয়া এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটীৰ উজান বজাৰস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

আনহাতে, ‘যোৱা ৩৮ টা বছৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণে স্থায়ী সমাধান বিচাৰি আহিছে।’ বুলি মন্তব্য কৰি তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰি কয় ‘অসম চুক্তি হৈ যোৱাৰ ৩২টা বছৰে বিদেশী নাগৰিক চিনাক্তকৰণ নহ’ল, অবৈধ বিদেশী অহা বাটটো চিনাক্ত নহ’ল তথা সীমাও চিনাক্ত নহ’ল লগতে সাংবিধানিক সুৰক্ষা কবচো দিয়া নহ’ল।’

‘কিন্তু তাৰ মাজতে অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম আৰম্ভ হ’ল। উচ্চতম ন্যায়ালয়ৰ নিৰবিচ্ছিন্ন তদাৰকৰ পাছত কাইলৈ চুড়ান্ত খচৰা প্ৰকাশ পাব।’ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত এইদৰ কয়।

আনহাতে, একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিদেশী সমস্যা সম্পৰ্কত ভুল বাখ্যা কৰিবলৈ চেষ্টা কৰি আছে বুলি মন্তব্য কৰাৰ লগতে তেওঁলোকক অসমলৈ আহি অসমৰ পৰিস্থিতি বুজি খিলঞ্জীয়া মানুহৰ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে ড০ ভট্টাচাৰ্য্যই  অনুৰোধ জনায়।

তেওঁ লগতে অপপ্ৰচাৰ চলোৱা  ৰাষ্টীয় সংবাদ মাধ্যমসমূহক সোঁৱৰাই দি কয় ‘হিন্দু-মুছলমান বাংলাভাষী লোকৰ বিৰুদ্ধে এই আন্দোলন নহয়, ভাৰতীয় নাগৰিক বা অনাগৰিকৰ বিৰুদ্ধে এই আন্দোলন চলি আছে। অসমলৈ তেওঁলোক আহিলে বুজি পাব ভাৰতৰ কোনো ৰাজ্যত খিলঞ্জীয়া লোকৰ প্ৰতি ভাবুকি অহা নাই, কিন্তু অসমৰ খিলঞ্জীয়াসকল অস্তিত্বৰ সংকটত ভুগি আছে।’

ইয়াৰোপৰি তেওঁ অপপ্ৰচাৰে খিলঞ্জীয়া মানুহৰ পৰিচয় ৰক্ষা নকৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰি লগতে কয় ‘অসমো দেশৰ অংগ হিচাপে আছে, কলিকতাৰ পাছতো দেশৰ এটা অংগ আছে, যাৰ নাম অসম তথা উত্তৰ-পূৰ্বাঞ্চল। দেশৰ অংগ হিচাপে ভাৰতীয় নাগৰিক হিচাপে জীয়াই থকাৰ আমাৰ আশা আছে।’

তাৎপৰ্য্যপূৰ্ণভাৱে যিসকলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিৰোধী মন্তৱ্য তথা বিদেশী সমস্যাটোৰ অপবাখ্যা আগবঢ়োৱাৰ চেষ্টা কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো উচিত বুলি তেওঁ সংবাদমাধ্যমৰ জৰিয়তে দাবী জনায়।

আনহাতে, খিলঞ্জীয়া মানুহৰ নামো এই খচৰাখনত বাদ পৰি যাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি তেওঁ কয় ‘পৰৱৰ্তী পৰ্য্যায়ত নাম বাদ পৰা খিলঞ্জীয়াসকলৰ বাবে ওজৰ আপত্তি দৰ্শোৱাৰ বাবে সুবিধা থাকিব। লগতে আবেদন কৰিও নিজৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব।’

তদুপৰি, ১৯৭১ চনৰ পূৰ্বে অহা হিন্দু-মুছলমান সকলো লোকৰে প্ৰতি আমি দায়বদ্ধ বুলি সদৰী কৰে।

 তেওঁ লগতে কয়  যে ১৯৭১ চনৰ আগত অহা হিন্দু-মুছলমান জনসাধাৰণৰ নাম যদি কেনেবাকৈ বাদ পৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকক ইতিবাচকভাৱে সহযোগ আগ বঢ়াব।

‘পুৱা ১০:০০ বজাৰ পৰা গুৱাহাটীৰ উজানবজাৰস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এন আৰ চি কক্ষ মুকলি কৰা হ’ব। আনুষ্ঠানিক ঘোষণা হোৱাৰ পাছতেই  ছাত্ৰ সন্থাৰ উক্ত এন আৰ চি কেন্দ্ৰত আহি জনসাধাৰণে নিজৰ নামটো চাব পাৰিব।’ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে।

আনহাতে, সাংবাদিকে শিলাদিত্যই কালি তেওঁৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় ‘শিলাদিত্যই মোক পাকিস্তানী বুলি কোৱাটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্য নেকি বা আন্দোলন কৰি মন্ত্ৰী বিধায়ক হোৱা নেতাসকলৰ বক্তব্য নেকি সেই কথাটো ৰাজহুৱা কৰিলেই হ’ল।’

Recent News

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd