DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ পাৰ্শ্বক্ৰিয়া : অসমৰ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সৰৱ শিৱসেনা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 8:24 am
উদ্ধৱ থাকৰে

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে। ফটো : ইন্টাৰনেটৰ সৌজন্যত

95
VIEWS
Share on FacebookShare on Twitter

এইবাৰ অসমৰ এন আৰ চি সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ মিত্ৰদল শিৱসেনাই। দলটোৰ মুৰব্বী উদ্ধৱ থাকৰেই এন আৰ চিৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক দেশপ্ৰেমমূলক কাৰ্য বুলি অভিহিত কৰিছে।

উদ্ধৱ থাকৰেৰ নেতৃত্বৰ শিৱসেনাৰ মুখপাত্ৰ ‘সামনা’ত দলটোৱে এন আৰ চি প্ৰসংগত চৰকাৰক সমৰ্থন জনোৱাৰ লগতে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। শিৱসেনাৰ মতে অসমৰ পৰা ৪০ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াবলৈ বিজেপিয়ে কষ্টসাধ্য প্ৰয়াস কৰিছে।

শিৱসেনাই অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান আৰু ম্যানমাৰৰ ৰহিংগিয়া মুছলমান যিয়েই নহওক লাগিলে সকলোকে ভাৰতৰ পৰা খেদি দিব লাগে বুলি মন্তব্য কৰিছে।

‘সামনা’ৰ সম্পাদকীয় দলটোৱে লগতে শংকা প্ৰকাশ কৰিছে যে অনুপ্ৰৱেশকাৰীৰ বাবে অসমত এতিয়া বিদেশী খেদাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে সেয়া যদি কাশ্মীৰতো হয় তেতিয়াহ’লে সমগ্ৰ দেশৰ জনতাই তেওঁলোকৰ ঘৰত গেৰুৱা পতাকা উত্তোলন কৰিব। পাকিস্তানৰ পৰা অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত কাশ্মীৰতো অসমৰ দৰে ব্যৱস্থাগ্ৰহণ কৰিব লাগে বুলি উদ্ধৱ থাকৰেই মন্তব্য কৰিছে।

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই লগতে উল্লেখ কৰিছে যে অসমত বাস কৰি থকা ৪০ লাখ অবৈধ বাংলাদেশীয়ে ৰাজ্যখনৰ ভৌগলিক, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰতিচ্ছবি সলনি কৰি পেলাইছে। থাকৰেই অসমৰ জলন্ত সমস্যা ৰূপে চিহ্নিত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাটোক গুৰুত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীকো ধন্যবাদ জ্ঞাপন কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ সৈতে একে স্থিতি গ্ৰহণ কৰা শিৱসেনাই এন আৰ চি প্ৰসংগতো অসমৰ সপক্ষে কৰা মন্তব্যই আঞ্চলিকতাবাদী ৰাজনীতিৰ যথাৰ্থতাকে প্ৰতিপন্ন কৰিছে।

 

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd