• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ সম্পূৰ্ণ খচৰা : নগাঁৱত অতি স্পৰ্শকাতৰ এলেকা ৭১ টা, সষ্টম ১৩ টা অতিৰিক্ত কোম্পানী

NE NOW NEWS মিণ্টু দাস
নগাঁও , July 30, 2018 9:48 am

3 min read

nagaon administration
274
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ চূড়ান্ত তথা সম্পূৰ্ণ খচৰা প্ৰকাশ পাবলৈ মাজত মাথোঁ‌ কেইটামান মুহূৰ্ত বাকী। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষই সোমবাৰ অৰ্থাৎ ৩০ জুলাইৰ পুৱা ১০ বজাত প্ৰকাশ কৰিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে এই ক্ষণটোলৈ অধীৰ আগ্ৰহৰে বাট চাই ৰৈছে।

ইপিনে খচৰা প্ৰকাশৰ পিছত ৰাজ্যখনত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে ৰাজ্যৰ প্ৰশাসনেও এই চেষ্টা অব্যাহত ৰাখিছে। সেয়ে দেওবাৰে নগাঁও জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মেল যোগে এই কথা জানিবলৈ দিয়ে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশৰ কাম নগাঁও জিলাতো সম্পূৰ্ণ হৈছে। সোমবাৰে অৰ্থাৎ ৩০ জুলাইৰ ১০ বজাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব। অসম চুক্তিৰ আধাৰত ২০১৫-১৮ চনলৈ তিনিবছৰ ধৰি তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে আৰু বিদেশী সমস্যা নোহোৱা কৰিবৰ বাবেই এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰস্তুত কৰা হৈছে।

আনহাতে, কোনো ধৰণৰ উৰাবাতৰিৰ চক্ৰান্তত পৰি যাতে কোনো ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবেও সমাজৰ সচেতনমহলক পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায়। ইয়াৰ উপৰি যিকোনো ধৰণৰ অপ্ৰীতিকৰ খবৰ বাতৰি পোৱাৰ লগে লগে প্ৰশাসনক অৱগত কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ মাজত যেন কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে আহ্বান জনোৱাৰ লগতে জিলা প্ৰশাসনৰ ০৩৬৭২-২৩০১২০ হেল্পলাইন নম্বৰত ফোন কৰি জনাবলৈ আহ্বান জনায়।

জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে যে, নগাওঁ জিলাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ বাবে আবেদন কৰা মুঠ পৰিয়াল ৪,১৪,১২৫ টা আৰু মুঠ সদস্য ২০,৬৪,২৬২ জন।নগাঁৱৰ অতি স্পৰ্শকাতৰ এলেকা ৭১ টা, স্পৰ্শকাতৰ ৩৮ টা আৰু সুৰক্ষিত এলেকা ৭৪টা।

জিলাখনৰ ভিতৰত চামগুৰি, ৰূপহীহাট, ধিং, ৰহা ৰাজহ চক্ৰ এলেকাত সৰ্বাধিক অতি স্পৰ্শকাতৰ এলেকা। ইয়াৰ উপৰি জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা। জিলাখনত নিৰাপত্তাৰ বাবে সষ্টম কৰি ৰখা হৈছে ১৩ টা অতিৰিক্ত কোম্পানী।

আনহাতে, জিলা উপায়ুক্তগৰাকীয়ে ৰহা ৰাজহ চক্ৰৰ অধীনত দীঘলীআটি, আমতলা, বগলাজান, মণিপুৰ   টোপ, মাগুৰগাঁ‌ও, কমাৰগাঁ‌ও;  চামগুৰি ৰাজহ চক্ৰৰ মোৱামাৰী, কাঠপাৰা, বৰঘূলি, গেৰেকী, গটঙা, কাৱৈমাৰী, ৰূপহী, জিওমাৰী, ভূৰবন্ধা, লাওখোৱা, আমবাগান, শিঙিমাৰী; ৰূপহী ৰাজহ চক্ৰৰ জুৰীয়া, চতিয়ান, তিনিচুকীয়া, হাতীপাৰা, হাতীপুখুৰী, সুঁ‌তিৰপাৰ, গদাইমাৰীৰ লগতে কলিয়াবৰ ৰাজহ চক্ৰৰ লখনাবন্ধা, কুঠৰী, পূৱঠৰীয়া, বৰঘূলি অঞ্চলসমূহ অতি স্পৰ্শকাতৰ বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, সংবাদ মেলত জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় লাচিত কুমাৰ দাস আৰু গৌৰিশংকৰ দাস উপস্থিত থাকে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd