• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চি প্ৰকাশৰ সময়ত উৰা বাতৰিত বিশ্বাস নকৰিব : মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2018 1:07 pm
দিব্যজ্যোতি শইকীয়া
615
VIEWS
Share on FacebookShare on Twitter

‘উৰা বাতৰিত ৰাইজ ভোল নাযাব। এন আৰ চি প্ৰকাশৰ সময়ত দুষ্টচক্ৰই অপপ্ৰচাৰৰ জৰিয়তে সৃষ্টি কৰিব পৰা অশান্তিৰ প্ৰতি সজাগ হৈ থাকিব।‘ শনিবাৰে তেজপুৰৰ গেটলুংস্থিত সূৰ্যোদয় হাইস্কুল প্ৰাংগনৰ শংকৰ-আজান প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সজাগতা সভাত এই আহ্বান জনায় মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই।

শইকীয়াই কয় যে ৰাজ্যখনৰ গাওঁসমূহত তথা ভিন্ন অঞ্চলত যিসকল লোকে স্থানীয়ভাৱে নেতৃত্ব প্ৰদান কৰে তেওঁলোকে কোনটো বিষয়ত কেনেদৰে কামকাজ কৰা উচিত সেই বিষয়ে জনা উচিত। অন্ধবিশ্বাস, উৰা বাতৰি কেনেকৈ ৰোধ কৰিব তাৰ বাবে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। অন্যথা সমাজত শান্তি-সম্প্ৰীতি অটুট ৰখাটো জটিল হৈ পৰিব।

অন্ধবিশ্বাস তথা কুসংস্কাৰৰ নিৰ্মূলৰ বাবে সুদীৰ্ঘকাল সংগ্ৰাম কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ সচিব প্ৰধান দিব্যজ্যোতি শইকীয়াই শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যতে অন্ধবিশ্বাস, উৰা বাতৰি, কুসংস্কাৰ তথা এন আৰ চিকলৈ চলা অপপ্ৰচাৰ সম্পৰ্কত জন সচেতনতা সৃষ্টিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে।

শনিবাৰে গেটলুঙৰ সভাখনত মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুছাৰফ হুছেইন, গাঁওৰক্ষী বাহিনীৰ বিষয়াববীয়াকে ধৰি বহুকেইজন সমাজ সচেতন ব্যক্তিৰ উপস্থিতিত শইকীয়াই বিশেষকৈ এন আৰ চিৰ নামত এচাম লোকে অশান্তিৰ সৃষ্টি কৰিবলৈ অপচেষ্টা কৰাৰ বিষয়ত ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

‘’আইন হাতত তুলি লোৱাটো এটা অপৰাধ। সমাজত শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ সকলোৱে সহযোগ কৰা উচিত। এন আৰ চি প্ৰকাশৰ সময়ত সকলোৱে সংযম ৰক্ষা কৰক। কিয়নো কোনো ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ প্ৰশ্ন নাই। কিবা কাৰণত খচৰাত কাৰোবাৰ নাম বাদ পৰিলেও পৰৱৰ্তী পৰ্যায়ত আবেদন কৰি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব,’’-শইকীয়াই কয়।

 

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd