DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি প্ৰসংগ : এইবাৰ পশ্চিমবংগৰ কংগ্ৰেছ সভাপতিৰ সমালোচনা মমতা বেনাৰ্জীক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 8:14 am
Mamata-Banerjee-570x320
95
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩০ জুলাইত অসমত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত মমতা বেনাৰ্জীয়ে কৰা মন্তব্যত অসমৰ নেতাসকল জাঙুৰ খাই উঠাৰ পিছত এইবাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীক পশ্চিমবংগ কংগ্ৰেছৰ মুৰব্বী অধীৰ ৰঞ্জন চৌধুৰীয়ে ‘প্ৰতাৰক’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী পদৰ বাবে লালায়িত হোৱাৰ অভিযোগ কৰে।

ৰাষ্ট্ৰীয় বাতৰিকাকত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত বৃহস্পতিবাৰে চৌধুৰীৰ উদ্ধৃতি দি কোৱা হৈছে যে মমতাই এটা যুক্তৰাষ্ট্ৰীয় মৰ্চা গঠনৰ ধাৰণা লৈ ‘সংযুক্ত বিৰোধী’ক সন্মিলিত কৰাৰ প্ৰচেষ্টাৰে মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে। তেওঁ বিভিন্ন দলসমূহৰ নেতাসকলক মমতাক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। মমতা বেনাৰ্জীয়ে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ এদিন পিছতে তেওঁ এই মন্তব্য কৰিছে।

বাতৰিটোত লগতে কোৱা হৈছে যে পশ্চিমবংগৰ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে মমতা বেনাৰ্জীয়ে দুমুখীয়া স্থিতি গ্ৰহণ কৰা বুলি অভিযোগ কৰি কয়, ‘’ এপিনে তেওঁ অসমত এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ কথা কয় আৰু আনপিনে তেওঁৰ ৰাজ্যৰ সীমান্তত ইয়াক প্ৰৱেশত বাধা দিয়ে।‘’

তেওঁ লগতে মমতা বেনাৰ্জীয়ে ২০০৫ চনত বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সংসদত সভা স্থগিত প্ৰস্তাৱ আনি এই বিষয়ত তেওঁৰ স্থিতি স্পষ্ট কৰাৰ যি দাবী জনাইছিল সেই কথা সোঁৱৰাই দিয়ে। মমতা বেনাৰ্জীয়ে পূৰ্বতে কৈছিল যে তেওঁ ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক সাক্ষাৎ কৰি এন আৰ চিৰ সম্পৰ্কত ‘’ইয়াত ৪০ লাখ লোকক অন্তৰ্ভুক্ত নকৰা তথা প্ৰকৃত নাগৰিকক বাদ দিয়াৰ’’ বিষয়ে তেওঁলোকৰ সৈতে আলোচনা কৰিছিল।

অসমৰ ৰাজনৈতিক দল তথা সংগঠনসমূহে বিগত দুদিন ধৰি এন আৰ চিৰ গোটেই বিষয়টো ‘’ৰাজনীতিকৰণ’’ কৰাৰ প্ৰচেষ্টা চলোৱাৰ বাবে মমতাক গৰিহনা দিছে আৰু ‘’এন আৰ চি হিন্দু বা মুছলমানৰ বিৰুদ্ধে বুলি কোৱাটো অযুক্তিকৰ’’ বুলি তেওঁৰ সমালোচনাক নস্যাৎ কৰিছে।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও মন্তব্য কৰিছিল যে ‘’ মমতা বেনাৰ্জীয়ে অসমত কি ঘটিছে তাক লৈ চিন্তা কৰা উচিত নহয়। তেওঁ পশ্চিমবংগৰ ৰাজনীতিক লৈ চিন্তা কৰক। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ প্ৰশ্নই নুঠে।  প্ৰতিজন ভাৰতীয় নাগৰিকক হাৰাশাস্তি হোৱাৰ পৰা সুৰক্ষা দিবলৈ আমি ইয়াত আছো।‘’

 

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd