DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এন আৰ চি : যুযুধান ৰূপত হিন্দু যুৱ-ছাত্ৰ পৰিষদ বনাম আছু-জনগোষ্ঠীয় সংগঠন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 20, 2018 11:43 pm
100
VIEWS
Share on FacebookShare on Twitter

ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কক লৈ অসম তোলপাৰ লাগি থকাৰ পৰতে এন আৰ চি ( NRC )ক লৈ অসমৰ প্ৰায় সকলো জাতীয় সংগঠনৰে বিপৰীত মেৰুত অৱস্থান কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ। আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে ‘ত্ৰুটিহীন’ভাৱে এন আৰ চি উন্নীতকৰণ বিচৰাৰ বিপৰীতে প্ৰক্ৰিয়াটোকে বন্ধ কৰাৰ দাবী জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদে।

আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ৰ ‘নিৰৱচ্ছিন্ন তদাৰকী’ৰ প্ৰতি ‘আস্থা আৰু বিশ্বাস’ দোহাৰাৰ বিপৰীতে হিন্দু যুৱ-ছাত্ৰ পৰিষদে আজি ২০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ভূমিকাত ‘ক্ষোভ আৰু অসন্তুষ্টি’ প্ৰকাশ কৰিছে।

আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে আজি এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক লগ কৰি ‘অবৈধ বাংলাদেশী নামমুক্ত উন্নীত নাগৰিক পঞ্জী অসমৰ খিলঞ্জীয়া মানুহৰ অন্যতম ৰক্ষাকৱচ হ’বগৈ’ বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে এই এন আৰ চি-এ ‘জাতি সুৰক্ষা’ নকৰি ‘ধ্বংস’হে কৰিব বুলি এন ই নাও-ৰ আগত মন্তব্য কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই।

‘অবৈধ বাংলাদেশীয়ে’ এন আৰ চিত নাম সুমুৱাবৰ বাবে অবিৰত ষড়যন্ত্ৰ চলাই থকা বুলি দাবী কৰি আছু-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি দলটোৱে ‘এই ষড়যন্ত্ৰ বন্ধ হ’বই লাগিব’ বুলি উল্লেখ কৰি ‘এজনো অবৈধ বাংলাদেশীৰ নাম যাতে এন আৰ চিত সোমাব নোৱাৰে তাৰ বাবে সকলো ফলপ্ৰসূ পদক্ষেপ ল’বলৈ’ সমন্বয়ক প্ৰতীক হাজেলাক আহ্বান জনায়।

হাজেলাই প্ৰতিনিধি দলটোক ‘১৯৭১ চনৰ পিছৰ কাৰো নাম উন্নীত নাগৰিক পঞ্জীৰ অন্তৰ্ভুক্ত নহয়। ত্ৰুটিমুক্ত নাগৰিক পঞ্জী প্ৰস্তুত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব’ বুলি আশ্বাস প্ৰদান কৰে।

অসম চুক্তিৰ সাংবিধানিক বৈধতা আৰু অসমৰ পৰা বিদেশী বিতাৰণৰ ভিত্তি বৰ্ষ ১৯৫১ নে ১৯৭১ চন হ’ব তাক লৈ উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ চূড়ান্ত ৰায়লৈ বাট নাচাই ন্যায়াধীশ ৰহিণ্টন নৰিমন আৰু ৰঞ্জন গগৈয়ে এন আৰ চি প্ৰস্তুত কৰাৰ বাবে লগোৱা ‘দৌৰা-দৌৰি’ত ‘সন্দেহ’ প্ৰকাশ কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদে।

হিন্দু যুৱ ছাত্ৰ পৰিষদে আজি গুৱাহাটী প্ৰে’ছ ক্লাবত এক সংবাদমেলত ‘৮৫৫ জন চহিদৰ বিনিময়ত অসম চুক্তি হোৱা বুলি নক’বলৈও সকলোকে আহ্বান’ জনাইছে।

এন আৰ চিত ‘লাখ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে’ বুলি দাবী কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতা বলেন বৈশ্যই এন ই নাওক কয় যে, ‘প্ৰথমে উচ্চতম ন্যায়ালয়ে কৈছিল যে পঞ্চায়তৰ নথি-পত্ৰ নচলিব। পিছলৈ উজ্জ্বল ভূঞাৰ উচ্চ ন্যায়ালয়ে নহ’ব বুলি ক’লে, কিন্তু চুপ্ৰিম কৰ্টে নহ’ব বুলি কোৱা নাই। তাৰ পিছতে পঞ্চায়তৰ কাগজ-পাতিৰেই লাখ লাখ নাগৰিকৰ নাম সোমাই গৈছে।’

আনহাতে ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে অনা নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰা সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীক আছুকে ধৰি বিভিন্ন সংগঠনে সকীয়নি দিয়াৰ বিপৰীতে দেৱগোস্বামীৰ বক্তব্যক ‘সম্পূৰ্ণৰূপে সমৰ্থন’ কৰা বুলিও হিন্দু ছাত্ৰ সংগঠনটোৰ নেতাজনে প্ৰকাশ কৰে।

অসমত বিদেশী নাগৰিকৰ দীৰ্ঘদিনীয়া, ৰক্তক্ষয়ী সমস্যাটোৰ লগত জড়িত এন আৰ চি, নাগৰিকত্ব বিধেয়ক আদি বিষয়ক লৈ আছুকে ধৰি ৰাজ্যৰ প্ৰায়ভাগ দল-সংগঠন সহমতত উপনীত হোৱাৰ বিপৰীতে ৰাজ্যত নতুনকৈ জনাজাত হোৱা হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ এনে সম্পূৰ্ণ বিপৰীত অৱস্থান অসমৰ ভৱিষ্যৎ সমাজ-ৰাজনীতিৰ বাবে তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd