• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত ৰাজনৈতিকভাৱে পৰিচালিত বুলি অভিযোগ তুলিলে বিজেপিৰ সাংসদ আৰ পি শৰ্মাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2018 8:48 pm
RP_Sharma

সাংসদ আৰ পি শৰ্মাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ জীয়েকৰ নাম জড়িত হৈ পৰাৰ পিছতে এ পি এছ চিৰ বহু চৰ্চিত কেলেংকাৰিৰ তদন্ত ৰাজনৈতিক মতলৱেৰে পৰিচালিত হোৱাৰ অভিযোগ তুলিলে তেজপুৰৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই। আজি এখন সংবাদমেলত সাংসদজনে অভিযোগ কৰে যে বিজেপি দলৰে প্ৰভাৱশালী নেতাৰ ৰাজনৈতিক ষড়য্ন্ত্ৰৰ বলি হৈছে তেওঁ আৰু তেওঁৰ জীয়েক।

উল্লেখযোগ্য যে ১৪ জুলাইত এ পি এছ চিৰ বৃহৎ কেলেংকাৰিটোৰ তদন্তকাৰী আৰক্ষীয়ে তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মাকে ধৰি নতুনকৈ ১৯জন বিষয়ালৈ জাননী দিছিল।

Apply Now

ইয়াৰ পিছতে আজি আৰ পি শৰ্মাই এখন সংবাদমেলত তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হোৱাৰ অভিযোগ তোলে। নাম উল্লেখ নকৰাকৈ তেওঁ আঙুলি টোঁৱাই বিজেপি দলত ক্ষমতাশালী নেতা হিচাপে থকা বিশেষ নেতালৈ। শৰ্মাই কয় যে এই নেতাজনৰ আগৰ পৰাই তেওঁৰ লগত সম্পৰ্ক বেয়া। তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰতে এই তদন্ত বাছি বাছি কৰা বুলি অভিযোগ কৰে।

“ছিলেকটিভলি যে হৈছে এইবিলাক কাম আগৰ পৰাই আমি জানিছিলো। কিন্তু ভিতৰি ভিতৰি। কোনোবা অলপ পাৱাৰফুল ৰাজনৈতিক নেতাৰ মানুহবোৰ বাদ পৰিছে। নামো ওলাইছিল পেপাৰবিলাকত।” এইদৰে কয় সাংসদজনে।

“বিশেষকৈ মোক এক-ডেৰ বছৰৰ পৰাই টাৰ্গেট কৰা হৈছে। আমাৰ দলৰ ভিতৰতে আছে। বেছি নহয় দুই তিনিজন মানুহ আছে। পাৱাৰফুল মানুহ।” আৰ পি শৰ্মাই কয়। তেওঁ কয় যে অহা লোকসভা নিৰ্বাচনৰ বাবে টিকট বিচাৰিব যাতে নোৱাৰে তাৰ বাবেই তেওঁৰ জীয়েকক কেলেংকাৰিত সাঙোৰা হৈছে। “টিকট বিচৰা মানুহ বেছি হৈ গ’ল। আঠ-দহজন মানুহে টিকট বিচাৰিছে। আৰু এটা প্ৰতিশোধমূলক দিশো আছে। এইটো এটা পলিটিকেল টাৰ্গেট।” এইদৰে কয় শৰ্মাই। তাৎপৰ্য্যপূৰ্ণভাৱে ফৰেনছিকৰ প্ৰতিবেদনো জালিয়াতি হয় বুলি সংবাদমেলত দাবী কৰে তেওঁ।

আনহাতে জীয়েকক ৰাজসাক্ষী কৰিব বুলি উঠা গুজৱ নাকচ কৰে সাংসদজনে। তেওঁ কয়, “মই মৰি যাম, কিন্তু ছোৱালীক ৰাজসাক্ষী নবনাওঁ। দোষী সাব্যস্ত হ’লে মোৰ কন্যাই নহয়, ময়ো যাম জে’ললৈ।” এইদৰে কয় সাংসদগৰাকীয়ে।

অতি তাৎপৰ্য্যপূৰ্ণভাৱে, সৎসংগ বিহাৰৰ সৈতে সম্পৰ্ক থকা আৰু তাত ৰাকেশ পালক লগ কৰাৰ কথা স্বীকাৰ কৰে সাংসদজনে। তেওঁ কয়, “সৎসংগ বিহাৰত ময়ো দীক্ষিত। সেইসূত্ৰে ৫ বছৰৰ আগতে লগ পাইছিলো ৰাকেশ পালক। পালক লগ পোৱা মানেই কেলেংকাৰিত জড়িত হ’ব পাৰে নেকি?” আৰ পি শৰ্মাৰ প্ৰশ্ন।

এইখিনিতে উল্লেখযোগ্য যে উলুবাৰীস্থিত সৎসংগ বিহাৰক ৰাকেশ পালে বহুতৰ সৈতে ‘ধনৰ বিনিময়ত চাকৰি’ কেলেংকাৰিটোৰ মূল কেন্দ্ৰ ৰূপে ব্যৱহাৰ কৰিছিল বুলি সৰ্বত্ৰে চৰ্চা চলি আছে আৰু এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তত এই ধৰ্মীয় কেন্দ্ৰটোও সাঙোৰ খাই পৰিছে।

আনহাতে, তেওঁ জীয়েকক বচাবৰ বাবে কাকো তোষামোদ নকৰে বুলি কয়। তেওঁ কয়, “মুখ্যমন্ত্ৰী, দিল্লী, নাগপুৰক মই অনুৰোধ নকৰোঁ। ২০১৩ চনৰ পৰাই মই নাগপুৰৰ মুখ দেখা নাই।”

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd