DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐতিহাসিক ডিব্ৰুগড়-ৰঙাগড়া-তিনিচুকীয়া পথৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2018 7:20 pm
IMG-20180415-WA0013
94
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে ডিব্ৰুগড় জিলাৰ দিনজানত উপস্থিত হৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক ডিব্ৰুগড়-ৰঙাগড়া-তিনিচুকীয়াৰ ৩.৯৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এক গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত দিনজান সেনা শিৱিৰৰ মাজেদি যোৱা এই ঐতিহাসিক পথটোৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যখনৰ গ্ৰামাঞ্চলত ‘প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ অধীনত ২০১৯ চনৰ মে মাহৰ ভিতৰত সৰ্বমুঠ ৮০০০ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা হৈছে।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু ব্ৰহ্মপুত্ৰ-বৰাককে ধৰি ইয়াৰ সকলো অঞ্চলৰে যাতায়ত ব্যৱস্থা সূচল কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। তাৰোপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনৰ আৰু অধিক উন্নয়ন হ’ব বুলি সোণোৱালে উল্লেখ কৰে।

একেদৰে ৰাজ্যখনৰ চাহ বাগান এলেকাসমূহৰ চাহ শ্ৰমিকসকলৰ উন্নত চিকিৎসা সেৱা প্ৰদানৰ দিশটোৰ ওপৰতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত সোণোৱালে কয় যে চাহ শ্ৰমিক সম্প্ৰদায়ৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ছমাহৰ বাবে প্ৰতিমাহে দুহেজাৰকৈ টকাকৈ আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে বিমুদ্ৰাকৰণৰ সময়ত ৰাজ্যখনত মুঠ ৮ লাখ চাহ শ্ৰমিকে বেংক একাউণ্ট খুলিছে। সেয়ে আমাৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক ২৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু আগন্তুক সময়তো যিসকল শ্ৰমিকে বেংকৰ জৰিয়তে লেন-দেন অব্যাহত ৰাখে তেওঁলোক আৰু ২৫০০ টকাকৈ ধন মোকলাই দিয়া হ’ব বুলিও সোণোৱালে উল্লেখ কৰে।

উল্লেখ্য যে ২৫৪.০৬ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উক্ত পথছোৱাৰ আধাৰশিলা অনুষ্ঠানত ডিব্ৰুগড়, লাহোৱাল আৰু দুলীয়াজানৰ বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, তেৰছ গোৱাল, সোণেওৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd