• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐতিহাসিক বিজয়ৰ পিছত হেঙেৰাবাৰীত বিজয় উৎসৱ বিজেপিৰ : ২০১৯ত ৩৫০ৰ অধিক আসন লাভৰ স্বপ্ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 3, 2018 6:40 pm

2 min read

BJP_Ghy_Office

ত্ৰিপুৰাত দলে জয় লাভৰ বাবে অসম বিজেপিৰ কৰ্মী-সমৰ্থকৰ উল্লাস প্ৰকাশ, হেঙেৰাবাৰীৰ কাৰ্য্যলয়ত। ফটো : য়ু বি।

163
VIEWS
Share on FacebookShare on Twitter

 

ত্ৰিপুৰাত চি পি আই (এম)ৰ বিৰুদ্ধে ঐতিহাসিক বিজয় লাভ কৰাৰ পিছত আনন্দত আত্মহাৰা হোৱা অসম বিজেপিৰ কৰ্মী আৰু নেতৃবৃন্দই ঘোষণা কৰিছে যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এন ডি এই ৩৫০খনৰো অধিক আসন লাভ কৰিবলৈ সামৰ্থ হ’ব। তেওঁলোকে এই বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৃষ্টি আৰু সবল নেতৃত্বৰ ফল বুলি অভিহিত কৰিছে।

‘‘চলো পালটাই’ৰ মাজেৰে ত্ৰিপুৰাৰ জনসাধাৰণে এটি বিৰাট বাৰ্তা প্ৰেৰণ কৰিছে।’ নৰ্থ-ইষ্ট নাওৰ আগত এইদৰে কয় গুৱাহাটী পৌৰ নিগমৰ কাউঞ্চিলৰ ৰাজকুমাৰ তিৱাৰীয়ে।

‘৫ বছৰ আগতে প্ৰায় শূন্যত থকাৰ পিছত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ লাভ কৰাটো এটা বিৰাট সফলতা। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ এটি নিকা ভাবমূৰ্তি থকা সত্ত্বেও তেওঁৰ চৰকাৰক ওফৰাই পেলাব পৰাটোৱে এই বিজয়ৰ ক্ষেত্ৰত এটি বিশেষ তাৎপৰ্য বহন কৰিছে।’ এইদৰে কয় তিৱাৰীয়ে।

BJP_Ghy
ত্ৰিপুৰাত দলে জয় লাভৰ বাবে অসম বিজেপিৰ কৰ্মী-সমৰ্থকৰ উল্লাস প্ৰকাশ কৰিছে সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে,, হেঙেৰাবাৰীৰ কাৰ্য্যলয়ত। ফটো : য়ু বি।

লগতে তিৱাৰীয়ে আৰু কয় যে ত্ৰিপুৰাত আৰম্ভ হোৱা এই ঢৌৱে পৰৱৰ্তী সময়ত পশ্চিম বংগকো উটুৱাই নিব। তেওঁৰ মতে পৰৱৰ্তী লোকসভা নিৰ্বাচনত এন ডি এই ৩৫০খনতকৈও অধিক আসন লাভ কৰি ইয়াতকৈও বৃহৎ বিজয় সাব্যস্ত কৰিব।

বিজেপিৰ আন এগৰাকী দলীয় কৰ্মী, বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যবাহী সদস্য গীতিকা দাসে কয়, ‘জনসাধাৰণ টোপনিৰ পৰা জাগি উঠিছে আৰু মোদীৰ বিকাশৰ দিশৰ যাত্ৰাত সহযোগ কৰিছে। পূৰ্বতে মাৰ্ক্সবাদীসকলে ধাৰ কৰা মতাদৰ্শৰে ত্ৰিপুৰা শাসন কৰি আছিল। এতিয়া ত্ৰিপুৰাৰ জনসাধাৰণ টোপনিৰ পৰা জাগি উঠিছে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ বিকাশৰ যাত্ৰাত যোগদান দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।’

আন এগৰাকী দলীয় সদস্য নিয়তী দে’ৰ মতে ত্ৰিপুৰাত চি পি আই (এম)ক পৰাস্ত কৰাটো অসমত কংগ্ৰেছক পৰাজিত কৰাতকৈ ডাঙৰ কৃতকাৰ্যতা। কিছু বছৰ পূৰ্বে ত্ৰিপুৰাত বিজেপি শাসনলৈ আহিব পৰাটো অকল্পনীয় আছিল। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ তীক্ষ্ণ মনোযোগ আৰু তৃণমূল পৰ্যায়ত বিজেপি কৰ্মীসকলৰ দায়বদ্ধতা আৰু নিয়মানুৱৰ্তিতাই এই অসম্ভৱক সম্ভৱ কৰিলে বুলি তেওঁ মন্তব্য কৰিছে।

ইয়াৰ পূৰ্বে বহুতো ৰাজ্যত কংগ্ৰেছক পৰাস্ত কৰাৰ পিছত প্ৰথম বাৰৰ বাবে ত্ৰিপুৰাত বিজয় লাভ কৰাটো এটা বিশেষ বিজয় বুলি তেওঁ মত প্ৰকাশ কৰিছে।

লক্ষণীয়ভাৱে ত্ৰিপুৰাৰ এই বিজয়ক ঐতিহাসিক আখ্যা দিলেও আৰু লগতে তাৰ বাবে মোদীৰ ভূৰি ভূৰি প্ৰশংসা কৰিলেও মূল সূত্ৰধাৰৰ ভূমিকাত থকা অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথা কাৰো মুখত শুনা নগ’ল।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd