• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

কঠোৰ জনসংখ্যা নীতিৰ কুফলে সংকট মাতিছে চীনলৈ : অধিক সন্তান জন্ম দিয়াত উৎসাহৰ চিন্তা-চৰ্চা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2018 5:09 pm
Chinese-nurses-with-quadr-006-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰজাতন্ত্ৰ চীনত অতি কঠোৰভাৱে বলৱৎ কৰা এটা সন্তান নীতিৰ ফলত এক সংকটৰ দিশত গতি কৰিছে দেশখনৰ ভৱিষ্যত। জনসংখ্যা বৃদ্ধিৰ হাৰ অবাঞ্ছিতভাৱে হ্ৰাস পোৱাৰ ফলত দেশখনৰ শ্ৰম-শক্তি (workforce) সংকুচিত হৈ আহিছে বুলি জানিব পৰা গৈছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ (National Health Commission )উদ্ধৃতিৰে নিউয়ৰ্কস্থিত ‘ব্লুমবাৰ্গ’ত প্ৰকাশিত এটা প্ৰতিৱেদনত এই তথ্য সদৰী কৰা হৈছে।

প্ৰতিৱেদনটোত কোৱা হৈছে যে চীনৰ স্বাস্থ্য আয়োগে অধিক সন্তান জন্ম দিয়া পিতৃ-মাতৃলৈ আৰ্থিক অনুদান আগবঢ়াব, যাতে তেওঁলোকে সন্তান পালনত কোনো অসুবিধাত নপৰে। বুধবাৰে ছাংহাইস্থিত এটা সংবাদ পৰ্টেলত এই কথা কোৱা হৈছে।

Apply Now

বুধবাৰে চীনৰ এটা স্থানীয় নিউজ পৰ্টেল ‘পেপাৰ’ত প্ৰকাশ পোৱা অনুসৰি, চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে ইতিমধ্যে বিশেষজ্ঞসকলক সংগঠিত কৰি অতিৰিক্ত সন্তানৰ ওপৰত থকা কৰ ৰদ কৰা আৰু অন্যন্য সা-সুবিধা প্ৰদান কৰি অধিক সন্তান জন্ম দিয়াৰ প্ৰতি চীনা দম্পতীক উৎসাহিত কৰিব বিচাৰিছে।

বিশেষজ্ঞসকলৰ অধ্যয়নত অধিক সন্তান জন্ম দিয়া দম্পতীক পুৰস্কৃত কৰাৰ প্ৰভাৱ সম্পৰ্কেও মূল্যায়ন কৰা হ’ব। অৱশ্যে নিউজ পৰ্টেলটোৱে এই প্ৰতিৱেদনটোৰ উৎস সন্দৰ্ভত কোনো তথ্য ব্যক্ত কৰা নাই।

তিনি বছৰ পূৰ্বে চীনত এটা সন্তানৰ ঠাইত দুটা সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰাৰ পাছত, দেশখনৰ জনসংখ্যাগত টাইমব’মটো নিষ্ক্ৰিয় কৰাৰ বাবে (বয়স্ক লোকৰ সংখ্যা বৃদ্ধি আৰু ইয়াৰ আনুসংগিক সমস্যাসমূহ) যে এটা নাটকীয় পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা চীনৰ নীতি নিৰ্ধাৰকসকলে যে বুজি উঠিছে, এই গৱেষণাত সেয়াই প্ৰতীয়মান হৈ পৰিছে।

মে’ মাহত ‘ব্লুমবাৰ্গ’ৰ প্ৰতিৱেদনত কোৱা হৈছে যে চীনে সন্তান জন্ম দিয়াৰ অধিকতম সংখ্যাৰ সকলো বাধা নিষেধ ৰদ কৰাৰ পৰিকল্পনা কৰিছে। ঘাইকৈ দেশখনৰ জনসংখ্যাত বাৰ্ধক্যৰ গতি হ্ৰাস কৰা আৰু আন্তঃজাতিক সমালোচনাৰ পৰা হাত সৰাৰ বাবে এই পৰিকল্পনা কৰিছে।

সন্তান জন্ম দিয়াক উৎসাহ প্ৰদান কৰাৰ পাছত চীনত শেহতীয়াভাৱে শিশুৰ কাপোৰ প্ৰস্তুতকৰ্তা আৰু শিশু খাদ্য প্ৰস্তুতকাৰীকলৰ অংশপত্ৰৰ মূল্য উৰ্ধগামী হৈছে বুলি প্ৰতিৱেদনত প্ৰকাশ। তথ্য অনুসৰি, বিগত বৰ্ষৰ আগষ্টৰে পৰা বস্ত্ৰ নিৰ্মাতা আন্নিল কোম্পানীৰ ৫.৬ শতাংশ আৰু জিংজিয়াং টিয়ানৰুন ডেইৰী কোম্পানীৰ অংশপত্ৰৰ মূল্য ৩.৪ শতাংশ উৰ্ধগামী হৈছে।

পৰিসংখ্যা ব্যুৰ’ৰ মতে যোৱা বছৰ চীনত সমগ্ৰ দেশজুৰি ৩.৫ শতাংশৰ পৰা ১৭.২ মিলিয়নলৈ জনসংখ্যা হ্ৰাস পাইছিল।

চীনৰ এটা সন্তান জন্ম দিয়াত অভ্যস্ত বহুতো পিতৃ-মাতৃয়ে অতিৰিক্ত সন্তানক লালন-পালন কৰাৰ বৰ্ধিত ব্যয়ৰ বিষয়ত শংকাত ভুগে। চীনা পিতৃ-মাতৃ এটা সন্তানৰ বিষয়ত অভ্যস্ত হৈ পৰিছে।

দেশখনৰ অৰ্থনীতিৰ বিকাশ সাধন কৰা, পেনছন আৰু স্বাস্থ্যসেৱাৰ ধন বৃদ্ধি, বিদেশী কোম্পানীক দেশখনৰ বিদেশী কোম্পানীক আঁতৰাই দিয়া আদিৰ বাবে ৰাষ্ট্ৰপতি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিনৰ যি প্ৰচেষ্টা, তাৰ ওপৰত চীনৰ ক্ৰমবৰ্ধমান বয়স্ক ব্যক্তিৰে গঠিত সমাজখনে দেশখনত আৰু সমগ্ৰ বিশ্বতে এটা বিৰূপ প্ৰভাৱ পেলাব।

উল্লেখ্য যে বিগত বছৰত চীনৰ ৰাজ্যিক সংসদে দেখুৱাই দিছিল যে ২০৩০ চনৰ আশে-পাশে চীনৰ সমগ্ৰ জনসংখ্যাৰ এক চতুৰ্থাংশ জনসংখ্যা ৬০ কিংবা তাতকৈও অধিক বয়সৰ হ’ব। তথ্য অনুসৰি ২০১০ চনত এই সংখ্যা আছিল ১৩ শতাংশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd