• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2026 2:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীপাৱলিৰ পূৰ্বে দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে আয়োজন কৰিবলৈ লোৱা প্ৰতিবাদী সমাৱেশক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ১ নৱেম্বৰত হ’বলগীয়া এই সমাৱেশৰ দিন সলনি কৰিবলৈ কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক পুনৰ পত্ৰ লিখিছে দিল্লীৰ ব্যৱসায়ীসকলৰ সংগঠন চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী (CTI)-এ। উৎসৱৰ বতৰত এই সমাৱেশৰ ফলত দিল্লীৰ ব্যৱসায়-বাণিজ্যত ব্যাপক ক্ষতি হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে সংগঠনটোৱে। তেওঁলোকৰ হিচাপ অনুসৰি, ক্ষতিৰ পৰিমাণ ১০ হাজাৰ কোটি টকা পৰ্যন্ত হ’ব পাৰে।

চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ ব্ৰিজেশ গোৱেলে ৰাহুল গান্ধীলৈ লিখা পত্ৰখনত ১ নৱেম্বৰৰ সমাৱেশ দীপাৱলীৰ পিছৰ কোনো এটা দিনলৈ পিছুৱাই নিয়াৰ আহ্বান জনাইছে। লগতে, বিষয়টোত হস্তক্ষেপ কৰি সহযোগী দলসমূহৰ সৈতে আলোচনা কৰিবলৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈও পত্ৰখনৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে। ব্যৱসায়ীসকলৰ মতে, দীপাৱলীৰ সময়ত দিল্লীৰ বজাৰসমূহত গ্ৰাহকৰ ভিৰ যথেষ্ট বৃদ্ধি পায়। এনে সময়ত বৃহৎ সমাৱেশৰ বাবে যান-বাহন চলাচলত বাধা সৃষ্টি হ’লে ব্যৱসায়ত বিপৰ্যয় নামি আহিব পাৰে।

Apply Now

কিন্তু ব্যৱসায়ীসকলৰ অনুৰোধৰ মাজতে ৰাহুল গান্ধীয়ে পূৰ্বনিৰ্ধাৰিত দিনতেই সমাৱেশ অনুষ্ঠিত কৰাৰ কথা স্পষ্ট কৰি দিছে। সোমবাৰে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা আঁতৰালে মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰতে এই প্ৰতিবাদ বন্ধ কৰিব পৰা যাব।

ৰাহুল গান্ধীৰ এই স্থিতিৰ পিছতে ৰামলীলা ময়দানৰ আশে-পাশে থকা প্ৰায় ২০খন প্ৰধান বজাৰৰ ব্যৱসায়ীসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। তেওঁলোকৰ আশংকা, সমাৱেশৰ বাবে ৩১ অক্টোবৰৰ পৰাই যদি বেৰিকেড স্থাপন কৰা হয় আৰু পথ বন্ধ কৰি দিয়া হয়, তেন্তে দীপাৱলীৰ পূৰ্বৰ আটাইতকৈ ব্যস্ত দিনকেইটাত গ্ৰাহকৰ আহ-যাহত গুৰুতৰ বাধাৰ সৃষ্টি হ’ব। ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত দোকান খোলা ৰাখিব পৰা যাবনে, গ্ৰাহকে বজাৰলৈ আহিব পাৰিবনে—এই প্ৰশ্নও উত্থাপন কৰিছে ব্যৱসায়ী সংগঠনটোৱে।

চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ দাবী অনুসৰি, সমাৱেশত প্ৰায় ১০ লাখ লোকৰ সমাগম হ’ব পাৰে। সেই লোকসকলক আনিবলৈ ১৫ হাজাৰৰ পৰা ২০ হাজাৰ বাছৰ লগতে ৰাজনৈতিক নেতাসকলৰ অসংখ্য ব্যক্তিগত গাড়ী দিল্লীত প্ৰৱেশ কৰিব পাৰে। ৰামলীলা ময়দানৰ চাৰিওফালে দিল্লীৰ বহু বৃহৎ পাইকাৰী আৰু খুচুৰা বজাৰ অৱস্থিত। ময়দানলৈ যোৱা পথসমূহৰ বহু অংশ এই বজাৰসমূহৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে যান-জঁট আৰু পথ বন্ধৰ প্ৰভাৱ ব্যৱসায়ত পোনপটীয়াকৈ পৰিব বুলি আশংকা কৰিছে সংগঠনটোৱে।

চান্দনী চক, ভগীৰথ পেলেচ, খাৰী বাউলি, সদৰ বজাৰ, চাৱৰি বজাৰ, কাশ্মীৰী গেট, নবী কৰীম আৰু কৰোল বাগৰ দৰে বৃহৎ বজাৰসমূহ বিশেষভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে সতৰ্ক কৰি দিছে। সংগঠনটোৰ দাবী, যোৱা ১০ অক্টোবৰত যন্তৰ-মন্তৰত মাত্ৰ ৩ হাজাৰৰ পৰা ৪ হাজাৰ লোকৰ প্ৰতিবাদৰ সময়তো মধ্য দিল্লীৰ বিস্তীৰ্ণ অঞ্চলত যাতায়াতৰ ক্ষেত্ৰত বাধা সৃষ্টি হৈছিল। তাৰ ফলত ব্যৱসায়ীসকলৰ প্ৰায় ৩ হাজাৰ কোটি টকাৰ লোকচান হোৱা বুলি তেওঁলোকে দাবী কৰিছে। তেনে পৰিস্থিতিত ১ নৱেম্বৰত ১০ লাখ লোকৰ সমাৱেশ অনুষ্ঠিত হ’লে পুৰণি দিল্লীৰ ব্যৱসায়-বাণিজ্য প্ৰায় স্থবিৰ হৈ পৰিব পাৰে আৰু লোকচানৰ পৰিমাণ ১০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে।

ব্যৱসায়ীসকলৰ স্বাৰ্থৰ কথা বিবেচনা কৰি চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে দুটা বিকল্প আগবঢ়াইছে। প্ৰথমটো হ’ল, দীপাৱলীৰ পিছলৈ সমাৱেশৰ দিন পিছুৱাই নিয়া। দ্বিতীয়টো হ’ল, ৰামলীলা ময়দানৰ পৰিৱৰ্তে বুড়াৰী খেলপথাৰ বা জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ দৰে আন স্থানত সমাৱেশ অনুষ্ঠিত কৰা। তেওঁলোকৰ মতে, এনে ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজনৈতিক প্ৰতিবাদৰ অধিকাৰ অক্ষুণ্ণ ৰখাৰ লগতে ব্যৱসায়ীসকলৰ লোকচানৰ আশংকাও হ্ৰাস কৰিব পৰা যাব।

উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত বিৰোধী মিত্ৰজোঁটে গ্ৰহণ কৰা আন্দোলনৰ অংশ হিচাপেই ১ নৱেম্বৰৰ এই সমাৱেশৰ আয়োজন কৰা হৈছে। এতিয়া প্ৰশ্ন হৈছে, দীপাৱলীৰ পূৰ্বে ব্যৱসায়-বাণিজ্যৰ ক্ষতিৰ আশংকা আৰু ব্যৱসায়ীসকলৰ ধাৰাবাহিক আপত্তিৰ পিছত কংগ্ৰেছ নেতৃত্বই নিজৰ সিদ্ধান্ত সলনি কৰিবনে, নে পূৰ্বঘোষিত সূচী অনুসৰিয়েই ৰামলীলা ময়দানত সমাৱেশ অনুষ্ঠিত হ’ব?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm
ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

October 27, 2026 1:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd