কনৰাড ছাংমাৰ নেতৃত্বত ১১ গৰাকী মিত্ৰজোঁটৰ বিধায়কে মঙলবাৰে নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ কৰিব

563616107-Meghalayaassemblyelection_0

নতুন চৰকাৰ গঠনৰ আৰ্জি লৈ ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰাৰ সময়ত কনৰাড ছাংমা

কংগ্ৰেছক একাষৰীয়া কৰি থৈ দেওবাৰে এনপিপিৰ নেতা কনৰাড ছাংমাক মুখ্যমন্ত্ৰী হিচাপে লৈ অকংগ্ৰেছী দলবোৰে মেঘালয়ত নতুন চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। কনৰাড ছাংমা আৰু তেওঁৰ কেবিনেটৰ সদস্যসকলে মঙলবাৰে শপত গ্ৰহণ কৰিব।

নতুন মিত্ৰজোঁট চৰকাৰখনত মুঠতে ৩৪ গৰাকী বিধায়কৰ সমৰ্থন থাকিব। ইয়াৰ ভিতৰত এনপিপিৰ ১৯গৰাকী, ইউডিপিৰ ৬ গৰাকী, এইচএছপিডিপিৰ ২ গৰাকী, পিডিএফৰ ৪ গৰাকী, বিজেপিৰ ২গৰাকীৰ লগতে আছে নিৰ্দলীয় বিধায়ক ছেমুৱেল ছাংমা।

নিৰ্বাচনী ফলাফল ঘোষণাৰ ২৪ ঘন্টাৰ ভিতৰতে অকংগ্ৰেছী দলবোৰে কোনো বাদ-বিসম্বাদৰ সৃষ্টি নকৰাকৈয়ে বুজাবুজিত উপনীত হয় আৰু নতুন চৰকাৰ গঠনৰ পথ মসৃন কৰি তোলে।

ৰাজ্যপালক সাক্ষাৎ কৰি উভতা কনৰাড ছাংমা আৰু সহযোগী সদস্যসকল

৬ মাৰ্চত বিধানসভাৰ কাৰ্যকাল অন্ত পৰালৈ চাই চৰকাৰ গঠন হোৱাটো অপৰিহাৰ্য হৈ পৰিছে। বিজেপি নেতা কে জে আলফ’নছ আৰু হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে যে আঞ্চলিক দলবোৰক আকৰ্ষণ কৰাৰ বাবে কোনোধৰণৰ টোপ দিয়াৰ প্ৰশ্ন অহা নাই কিয়নো তেওঁলোকে স্বত:স্ফুৰ্তভাৱেই সন্মিলিত হৈছে।

মিত্ৰজোঁটৰ নেতাসকলে দেওবাৰে সন্ধিয়া ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰি এনপিপিৰ নেতৃত্বত এখন চৰকাৰ গঠনৰ সহমত প্ৰকাশ কৰে।

এনপিপিৰ বিধায়কসকলে কনৰাড ছাংমাক তেওঁলোকৰ নেতা হিচাপে নিৰ্বাচিত কৰি এখন পত্ৰ ৰাজ্যপালৰ হাতত অৰ্পন কৰে। তেওঁলোকে আন সহযোগী দলৰ সমৰ্থনৰ পত্ৰ এখনো ৰাজ্যপালৰ আগত দাখিল কৰে।

চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যপালে কনৰাডক এখন নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে আৰু অহা ১৬ মাৰ্চৰ ভিতৰত সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দিছে।

একে সূত্ৰই জানিব দিয়া মতে কনৰাডকে ধৰি আন ১১ গৰাকী সদস্যই ৰাজভৱনত শপতগ্ৰহণ কৰিব।