কলিয়াবৰৰ বালিবাটত কেঁকো সাপসহ আমজত আলী নামৰ এজন সৰবৰাহকাৰীক আজি ১৪ জুলাইত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
২৪ বছৰীয়া আলী জালত পৰিলেও তেওঁৰ আন তিনিগৰাকী সহযোগী বাইকত উঠি আৰক্ষীৰ হাতৰ পৰা পলাই সাৰে।
কলিয়াবৰ আৰু মিছা আৰক্ষীয়ে আজি আবেলি এক গোপন সূত্ৰৰ পম খেদি এটা কেঁকো সাপ বিক্ৰী কৰিব খোজোঁতেই আমজত আলী আৰু তেওঁৰ আন তিনিগৰাকী সহযোগীক ধৰা পেলায়।
ধৃত আমজত আলীক মিছা আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে মিছা আৰক্ষীয়ে।
আনহাতে শালনাৰ বন বিষয়া প্ৰণৱ বৰাৰ নেতৃত্বত অহা এটা বন বিভাগৰ দলে মিছা আৰক্ষী চকীলৈ আহি কেঁকো সাপটো তেওঁলোকৰ জিম্মাত লয়।