DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ কুঁৱৰীটোলৰ সৌভাগ্য মাধৱ দেৱালয়ত চোৰে লুটিলে নগদ ধনসহ লক্ষাধিক টকাৰ অলংকাৰ

ৰিদিপ শর্মা by ৰিদিপ শর্মা
July 6, 2018 12:18 pm
ATTACHMENT
105
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ ঐতিহাসিক দেৱালয়ত নিশা চোৰৰ চাফাই অভিযানক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে কুঁৱৰীটোলৰ মাধৱগাঁৱৰ সৌভাগ্য মাধৱ দেৱালয়ত বৃহস্পতিবাৰে নিশা চোৰে লুটি নিলে নগদ ধনসহ লক্ষাধিক টকাৰ আ-অলংকাৰ।

কিনকিনীয়া বৰষুণৰ মাজতে কলিয়াবৰৰ ঐতিহাসিক ‘সৌভাগ্য মাধৱ দেৱালয়ত বৃহস্পতিবাৰে নিশা চোৰে দেৱালয়খনৰ দৌলৰ গ্ৰীলৰ তলা ভঙাৰ লগতে মূল দুৱাৰ খুলি প্ৰৱেশ কৰে।

ATTACHMENT
দেৱালয়ৰ বিগ্ৰহ

চোৰে দেৱালয়ৰ গোসাঁইৰ ৰূপৰ মুকুট, ৰূপৰ জাপি, সোণৰ অলংকাৰৰ লগতে লুটি নিয়ে দানপাত্ৰৰ নগদ ধন। পুৱা দেৱালয়ৰ সমীপতে পথাৰত উদ্ধাৰ হয় দুপাহ সোণৰ ফুলৰ লগতে এপাহ ৰূপৰ ফুল। প্ৰাত :ভ্ৰমণলৈ যোৱা লোকে এই অলংকাৰ উদ্ধাৰ কৰাৰ পাছতে দেৱালয়ত চোৰ সোমোৱা কথাটো ৰাষ্ট্ৰ হৈ পৰে।

স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়াত কিছু সময়ৰ পিছতে দেৱালয়ত উপষ্ঠিত হয় কলিয়বৰ আৰক্ষী। স্নিফাৰ ডগৰ সহায়ত দেৱালয় চৌহদত আৰক্ষীয়ে অনুসন্ধান চলাই যদিও ওৰে নিশা বৰষুণ দি থকাৰ ফলতে স্নিফাৰ ডগ বিফল হয়।

আনহাতে ১৬৪৬ শকত শিৱসিংহৰ ৰাজত্বতে স্থাপিত সৌভাগ্য মাধৱ দেৱালয়ত চোৰে চলোৱা লুট-পাত সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিয়ে কলিয়াবৰ আৰক্ষী নিৱেশত এখন এজাহাৰ দাখিল কৰিছে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ইয়াক গৰিহনা দিছে ৰাইজে।

মন্দিৰৰ পূজাৰী তথা মন্দিৰ পৰিচালনা সমিতিয়ে জনোৱা মতে চুৰি হোৱা আ -অলংকাৰ সমূহৰ মূল্য আনুমানিক এক লক্ষাধিক টকা হব ।

 

Recent News

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd