• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাছাৰ জিলাত শৌচালয় নিৰ্মাণত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী

শিভাশীষ চক্ৰৱৰ্তী by শিভাশীষ চক্ৰৱৰ্তী
April 17, 2018 8:09 am
IMG-20180416-WA0010
397
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিলাষী প্ৰকল্প স্বচ্ছ ভাৰত আৰু নিৰ্মল ভাৰত আঁচনি সফলতাৰে অসমত ৰূপায়ণ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন সময়ত সক্ৰিয় ভূমিকা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ মাজতে কিছু অসৎ অভিপ্ৰায়ৰ অভিযন্তা, পঞ্চায়ত প্ৰতিনিধি আৰু অন্যান্য লোকৰ দুৰ্নীতিগ্ৰস্ত মানসিকতাৰ বাবে কাছাৰ জিলাত অনাময় আঁচনি ৰূপায়ণত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে।

কেন্দ্ৰীয় চৰকাৰে, গ্ৰাম্যাঞ্চলত যি সকল লোকৰ শৌচালয় নাই সেই লোক সকলক ১২ হেজাৰ টকা ব্যয়ৰে এটা শৌচালয় নিৰ্মাণ কৰি দিয়াৰ যি আঁচনি গ্ৰহণ কৰিছে সেয়া কাছাৰ জিলাত সম্ভৱ হৈ উঠা নাই। কোনো ধৰণৰ নীতি নিয়ম অনুসৰন নকৰাকৈয়ে জিলাখনৰ গাঁও অঞ্চলত নিৰ্মাণ কৰিছে শৌচালয়।

জিলাখনৰ লাৰছিং গাঁও পঞ্চায়তৰ অধীনৰ চাহ জনজাতীয় এখন দুখীয়া গাঁও হ’ল চাংখিৰা। এই গাঁওখনলৈ যেতিয়া চৰকাৰী শৌচালয় অনুমোদন হৈছিল তেতিয়া সেই অঞ্চলৰ লোকসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছিল।

সেই অনুসৰি গাঁওখনত শৌচালয় নিৰ্মাণৰ বাবে অভিযন্তাৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকল ব্যস্ত হৈ পৰিল। কিন্তু শৌচালয় সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পাছত কোনো লোকে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিলে। কিয়নো শৌচালয় সমূহৰ টেংকী আজি পৰ্যন্ত খোলা থকাৰ লগতে দুৱাৰ সমূহো ব্যৱহাৰৰ উপযোগী নহয় যাৰ বাবে গাঁওখনৰ কোনো এটা পৰিয়ালে এই শৌচালয় সমূহ ব্যৱহাৰ কৰিব পৰা নাই।

ইফালে শৌচালয় নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো শৌচালয় নিৰ্মাণত নিয়োজিত ঠিকাদাৰ সমূহে ইতিমধ্যে ধন লাভ কৰা বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় একাংশৰ লগতে মণ্টু চাওতাল নামৰ এজন লোকে।

উল্লেখ্য যে ৬৩ খন গাঁও পঞ্চায়ত থকা জিলাখনত অধিকাংশ গাঁৱতে এনেধৰণৰ ব্যাপক অনিয়ম তথা কেলেংকাৰী সংঘটিত হোৱা বুলি বিভিন্ন অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি একাংশ পঞ্চায়ত সদস্যই প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি অন্য লোকক শৌচালয় আৱণ্টন দিয়া বুলিও অভিযোগ উঠিছে। স্মৰ্তব্য যে কিছু লোকৰ বাবে সহজতে ধন আহৰণ কৰা আঁচনিত পৰিণত হৈছে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি সমূহ।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd