• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ গঁড় হত্যাত জড়িত ধৃত চোৰাংচিকাৰীৰ পৰা ৩০৩ ৰাইফল আৰু গুলী বাৰুদ উদ্ধাৰ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , June 28, 2018 8:13 am

2 min read

ইযাকুব আলী

কাজিৰঙাত গঁড় হত্যাত জড়িত ধৃত চোৰাং চিকাৰী ইয়াকুৱ আলী

106
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ পানবজাৰৰ মেঘদূত ভৱনৰ সমীপৰ পৰা বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানকাৰী  দলে আটক কৰা ইয়াকুব আলীৰ পৰা বুধবাৰৰ দিনা এটা ৩০৩ ৰাইফল , এটা চাইলেঞ্চাৰ , এটা লেজাৰ লাইট আৰু ২৪ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে ৷

ইয়াকুৱ আলীৰ স্বীকাৰোক্তিৰ আধাৰতে বন বিভাগ আৰু আৰক্ষীয়ে চতিয়াৰ ৪নং ভোজমাৰীৰ ইয়াকুৱ আলীৰ বাসগৃহৰ পৰা গঁড় হত্যাত ব্যৱহৃত এই অস্ত্ৰ সমুহ উদ্ধাৰ কৰিছে ৷ সম্প্ৰতি গঁড় হত্যাৰ সবিশেষ উদ্ধাৰৰ বাবে চতিয়া আৰু জামুগুৰি আৰক্ষীয়ে ইয়াকুৱ আলীৰ জেৰা অৱ্যাহত ৰাখিছে।

অস্ত্ৰ-শস্ত্ৰ, গুলী-বাৰুদ
ধৃত চোৰাংচিকাৰী ইয়াকুৱ আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা ৰাইফল আৰু গুলী-বাৰুদ। ফটো : নৰ্থইষ্ট নাও

উল্লেখ্য যে কাজিৰঙাৰ বহু কেইটা গঁড় হত্যাত জড়িত আছিল ধৃত চোৰাং চিকাৰী ইয়াকুব আলী ৷ যোৱা ২৯ মে’ত বিশ্বনাথৰ পাণপুৰত সংঘটিত গঁড় হত্যাৰ মূল অভিযুক্ত আছিল ইয়াকুব আলী।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ উত্তৰ বনাঞ্চলৰ বনাঞ্চলিক  বিষয়া প্ৰাঞ্জল বৰুৱাই জনোৱা মতে ২৯ মে’ৰ গঁড়  চিকাৰৰ ঘটনাত মুঠ ১০ জন চোৰাংচিকাৰী জড়িত আছিল ৷ ইয়াৰে ৫ জনক এতিয়ালৈকে আটক কৰা হৈছে আৰু ধৃত ইয়াকুব আলীয়ে এই ঘটনাৰ নেতৃত্বত আছিল ৷

ইয়াকুব আলী ২০১৪ চনৰ গঁড় হত্যাৰ এক গোচৰতো অভিযুক্ত আছিল । সেই  গোচৰত  চি বি আইয়ে তেওঁৰ ওপৰত চাৰ্জ শ্বীট দাখিল কৰিছিল আৰু চি বি আইৰ গোচৰৰ জামিন ল’বলৈ আদালতলৈ অহা অৱস্থাতে ইয়াকুব আলীক পানবজাৰৰ মেঘদূত ভৱনৰ সমীপত অভিযানকাৰী দলে আটক কৰিছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd