DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ গঁড় গণনা; চলিব ২৮ মাৰ্চলৈকে

উত্তম শইকীয়া by উত্তম শইকীয়া
March 25, 2018 5:22 pm
Rhino_at_Kaziranga
103
VIEWS
Share on FacebookShare on Twitter

আজি ২৫ মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ১৩ সংখ্যক গঁড় গণনা কাৰ্য্যসূচী৷ কাজিৰঙাৰ কহঁৰা ৰে’ঞ্জৰ বন বিভাগৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত গঁড় গণনাত অংশগ্ৰহণ কৰিব লগীয়াসকলৰ বাবে আজি এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়৷

প্ৰশিক্ষণত মুখ্য বন সংৰক্ষক নিৰঞ্জন কুমাৰ বসুয়ে গঁড়ৰ খৰ্গৰ যোগেদি গঁড়ৰ লিংগ নিৰূপণ কেনেকে কৰিব লাগে সেয়া গঁড়ৰ খৰ্গ প্ৰদৰ্শন কৰি বুজাই দিয়ে৷ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই সচিত্ৰ উপস্থাপনেৰে গঁড় গণনাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।

২৬ মাৰ্চত কাজিৰঙাৰ মাজেদি যোৱা ডিফলু নদীৰ দক্ষিণ পাৰৰ মুঠ ৪৪ টা কম্পাৰ্টমেন্টত আৰু ২৭ মাৰ্চত উত্তৰ পাৰৰ মুঠ ৩৬ টা কম্পাৰ্টমেন্টত হাতী লৈ এই গণনা কাৰ্য চলোৱা হ’ব৷

মূল গণনা হৈ যোৱাৰ পিছত ২৮ মাৰ্চত নিৰ্বাচিত কেইটামান কম্পাৰ্টমেন্টত এক বিশেষ নমুনা জৰীপ কৰা হ’ব৷ সংগৃহীত তথ্যসমূহ বিশ্লেষণ কৰি ২৮ মাৰ্চৰ পিছত কাজিৰঙাৰ গঁড় গণনা, ২০১৮ত পোৱা গঁড়ৰ সংখ্যা চূড়ান্ত কৰা হ’ব৷

গঁড় গণনা, ২০১৮ত বনবিভাগৰ বিভিন্ন বিষয়াৰ লগতে বিভিন্ন বেচৰকাৰী সংগঠন আৰু সাংবাদিকেও অংশগ্ৰহণ কৰিব৷

কাজিৰঙাত পূৰ্বে ২০১৩ চনৰ গণনাত ২,৩২৯ টা আৰু ২০১৫ চনৰ গণনাত ২,৪০১ টা গঁড় পোৱা গৈছিল৷

উল্লেখযোগ্য যে কাজিৰঙাত প্ৰণালীবদ্ধভাৱে গঁড় গণনাৰ কাম ১৯৬৫ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল আৰু সেই গণনাত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৩৬৬ টা গঁড় পোৱা গৈছিল৷

পূৰ্বতে কাজিৰঙাত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গঁড় গণনা কৰা হৈছিল যদিও সম্প্ৰতি দুবছৰৰ মূৰে মূৰে গঁড় গণনা কৰা হয়।

প্ৰশিক্ষণৰ আৰম্ভণিতে কাজিৰঙাৰ সঞ্চালক আকাশদীপ বৰুৱাই সকলোকে ১৩ সংখ্যক গঁড় গণনাৰ বাবে আদৰণি জনায়৷ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ ইন্সপেক্টৰ জেনেৰেল বি কে বাংকোৱাল, বন বিভাগৰ প্ৰধান বন সংৰক্ষক উৎপল বৰা,  বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াৰ উপৰিও কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাও অনুষ্ঠানটোত উপস্থিত থাকে৷

Recent News

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd