কামাখ্যালৈ হ’ব ৰ’পৱে’ : সদনত ৩৩ কোটিটকীয়া প্ৰকল্প ঘোষণা বিত্ত মন্ত্ৰী হিমন্ত বিশ্বৰ

কামাখ্যা পাহাৰ গুৱাহাটীৰ বাকী অংশৰ সৈতে ৰ’পৱে’ৰে সংযুক্ত হ’ব। অসম বিধান সভাৰ মজিয়াত মঙলবাৰে এই ৩৩ কোটিটকীয়া প্ৰকল্পৰ কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰকল্পটোৰ কথা ঘোষণা কৰি শৰ্মাই কয়, ‘কামাখ্যা ৰাজ্যৰ এক প্ৰধান পৰ্য্যটন ক্ষেত্ৰ। অসম তথা কামাখ্যালে অধিক পৰ্য্যটকক আকৰ্ষিত কৰাৰ বাবে আমি এই ৰ’পৱে’টো সাজিবলৈ ঠিক কৰিছো। প্ৰকল্পটোৰ বাবে আমি ৩৩ কোটি টকা ধাৰ্য্য কৰিছো।’

মন্ত্ৰীজনে সদনক জনায় যে ৰ’পৱে’টো ১৮২০ মিটাৰ দীঘল হ’ব আৰু পাণবজাৰৰ নেহৰু পাৰ্কৰ ওচৰত আৰু দৌলগোবিন্দ মন্দিৰৰ ওচৰৰ ৰাজাদুৱাৰ গাঁৱত এটাকৈ ইয়াৰ মুঠ দুটা আস্থান থাকিব।

ৰ’পৱে’টো নিৰ্মাণ হ’লে কামাখ্যা মন্দিৰ লৈ/পৰা ভ্ৰমণ সময় বহু পৰিমাণে হ্ৰাস পাব বুলি উল্লেখ কৰি মন্ত্ৰীজনে সদনক জনায় যে এটাৰ পৰা আনটো আস্থান পাবলৈ ৭.২৬ মিনিট সময় লাগিব।

এবাৰত ৩০ জনকৈ ঘণ্টাত প্ৰায় ২৫০ যাত্ৰী কঢ়িওৱাৰ সামৰ্থ্য থাকিব ৰ’পৱে’টোৰ।

গুৱাহাটী মহানগৰৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰিব লগা আগতেই ঘোষিত এতিয়াও সম্পূৰ্ণ নোহোৱা আনটো ৰ’পৱে’ প্ৰকল্প সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই জনায় যে সেই প্ৰকল্পটো ২০১৯ চনত সম্পূৰ্ণ হ’ব। পূৰ্বে উক্ত প্ৰকল্পটো ২০১৮ চনৰ জুলাইত সম্পূৰ্ণ কৰাৰ কথা আছিল। জি এম ডি এ’ই ৰূপায়ন কৰা সেই প্ৰকল্পটোৰ বাবে ৫৬.০৮ কোটি ধাৰ্য্য কৰা হৈছিল।