• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামেং জলবিদ্যুৎ প্ৰকল্পত ফাট : অধ্যয়ন নোহোৱা পৰ্যন্ত কাম বন্ধ ৰখাৰ দাবী আছুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 5, 2018 11:48 am

2 min read

kameng-hydro-project
265
VIEWS
Share on FacebookShare on Twitter

কামেং জলবিদ্যুৎ প্ৰকল্পত ফাট মেলাৰ বাতৰিত সদৌ অসম ছাত্ৰ-সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিজ্ঞানসন্মতভাৱে অধ্যয়ন নকৰাকৈ কাম কৰাৰ ই এক কুফল বুলি মন্তব্য কৰিছে ছাত্ৰ সংগঠনটোৱে।

সদৌ অসম ছাত্ৰ-সন্থাই প্ৰকল্পটোৰ নামনিত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত অধ্যয়ন কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছিল। প্ৰকল্পৰ নিৰাপত্তা সম্পৰ্কতো দাবী জনাই তেওঁলোকে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত কোনো গুৰুত্ব নিদিলে।

ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে বিজ্ঞানসন্মত অধ্যয়ন নকৰালৈকে ফাট মেলা কামেং জলবিদ্যুৎ প্ৰকল্পত কাম বন্ধ কৰক। অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত সকলো বান্ধ আৰু সকলো বান্ধৰ পৰা অসমত পৰিব পৰা প্ৰভাৱ সন্দৰ্ভত বিজ্ঞানসন্মত অধ্যয়নৰ ব্যৱস্থা কৰক।

ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই সম্পৰ্কত কয় যে কামেং জলবিদ্যুৎ প্ৰকল্পটো আৰু প্ৰকল্পটোৰ নামনিত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত বিজ্ঞানসন্মত অধ্যয়ন কৰা নহ’ল। এই অধ্যয়নৰ বাবে আন্দোলনৰ পদক্ষেপ লোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে একপক্ষীয় পদক্ষেপ গ্ৰহণ কৰিছিল। ফলত জীয়াভৰলী, নামেৰী ব্যাঘ্ৰ প্ৰকল্পকে ধৰি  প্ৰকল্পটোৰ নামনিত থকা শোণিতপুৰ জিলাকে ধৰি নামনিৰ অঞ্চলসমূহ ক্ষতিগ্ৰস্ত হ’ব। এনে পৰিস্থিতিত চৰকাৰে কামেং জলবিদ্যুৎ প্ৰকল্পটো আৰু প্ৰকল্পটোৰ নামনিত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত শীঘ্ৰে অধ্যয়নৰ ব্যৱস্থা কৰক।

ফাট মেলা অংশটোত জোৰা-টাপলি মৰাৰ পৰিৱৰ্তে বিজ্ঞানসন্মত অধ্যয়নৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰক। এই বিষয়ত অসমৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ অসম চৰকাৰক ফলপ্ৰসূ পদক্ষেপ ল’বলৈও ছাত্ৰ সন্থাই দাবী জনাইছে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd