DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা : কাৰ্বি পাহাৰ আৰু ডিমা হাচাওৰ বাবে সুকীয়া শুনানিৰ দাবী

নংনী তেৰন by নংনী তেৰন
May 11, 2018 11:28 pm
Citizenship-Amendment-Bill-2016-570x320

প্ৰতিনিধিত্বমূলক ফটো

111
VIEWS
Share on FacebookShare on Twitter

পাৰ্বত্য জনজাতীয় সংঘ বা হিল ট্ৰাইব লীগে (HTL) অহা ১৬ মে’ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰিছে। আজি কাৰ্বি ছাত্ৰ সন্থাৰ সভাগৃহত এখন সংবাদমেলত এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ আহ্বায়ক খৰচিং তেৰনে।

তেৰনে কয় যে ইতিমধ্যে সংগঠনটোৱে জিলাৰ উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় সমিতি, সাংসদ আৰু যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱাললৈ বিধেয়কখনৰ বিৰোধিতা কৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

আজি সংবাদমেলত উপস্থিত থকা সংগঠনটোৰ প্ৰতিনিধিসকলে কয় যে এই বিধেয়কখন আইনত পৰিণত হ’লে অনুপ্ৰৱেশকাৰীৰ প্ৰকোপত অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্ব বিপন্ন হৈ পৰিব। বৰ্তমান থকা মুচলমান আৰু হিন্দু বাংলাদেশীৰ লগতে আৰু অধিক হাৰত বাংলাদেশীৰ আগমন ঘটিব আৰু ত্ৰিপুৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব। অসমত থকা থলুৱা জনগোষ্ঠীয় লোকসকলৰ ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশত ই ধ্বংসাত্মক প্ৰভাৱ পেলাব।

আনহাতে সংগঠনটোৱে যুটীয়া সংসদীয় সমিতিৰ শুনানিত পক্ষপাত হোৱাৰো অভিযোগ তোলে। তেৰনে কয় যে যুটীয়া সংসদীয় সমিতিয়ে শুনানিৰ ক্ষেত্ৰত পাৰ্বত্য জনগোষ্ঠীবোৰক ইচ্ছাপূৰ্বক অৱহেলা কৰিছে। তেওঁলোকে শুনানিৰ বাবে পাৰ্বত্য জনগোষ্ঠীবোৰক মতা নাই বা ভালকৈ ইয়াৰ বিষয়ে অৱগত কৰা নাই। এই অভিযোগ তুলি সংগঠনটোৰ নেতৃবৃন্দই যুটীয়া সংসদীয় সমিতিক কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত সুকীয়াকৈ শুনানি অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে কয় যে সকলো স্বাৰ্থজড়িত পক্ষকে তেওঁলোকৰ মত দিবলৈ সুযোগ দিয়া উচিত। আনহাতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অবৈধ বাংলাদেশীক খেদিম বুলি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি প্ৰথমে পূৰণ কৰক।

তাৎপৰ্যপূৰ্ণ মন্তব্যৰে সংঘই কয় যে অবৈধ বিদেশী বিষয়টোত অসম চুক্তিখনে (দফা ৫.১ ৰ পৰা ৫.৯লৈ) নিজেই অসমৰ স্বাৰ্থত আঘাত কৰিছে। চুক্তিখনৰ ফলত ১৯৮৫ চনৰ আইন সংশোধনীৰ জৰিয়তে ১৯৫৫ চনৰ নাগৰিকত্ব আইনত ৬এ দফাটো ভৰাই চুক্তিখনে সামৰি লোৱা সকলো অবৈধ বাংলাদেশীক নাগৰিকত্ব দিয়া হ’ল। এই দফাটোৰ বৈধতা প্রশ্নবোধকৰ অন্তৰ্গত বুলি সংগঠনটোৱে কয়। সংবাদমেলত কে এছ এ, য়ু কে এছ এ, কে এছ ৱাই চি আৰু এ আই কে এন এ-ও উপস্থিত আছিল।

 

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd