• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আলঙৰ নৃশংস হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা শিৱসাগৰৰ অভিজিতৰ গাঁৱত শোকৰ পৰিৱেশ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
June 9, 2018 7:46 pm
Abhijit Nath victim of karbi anglong mob lynch
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আলঙৰ প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ গৈ এচাম মানুহৰূপী দানৱৰ নৃশংসতাৰ বলি হোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যখনৰ সকলো হৃদয়বান মানুহক শোকাভূত কৰি তুলিছে।

বন্ধুৰ সৈতে ফুৰিবলৈ গৈ এনেদৰে অনাকাংক্ষিতভাৱে মৃত্যুক সাবটি লোৱা অভিজিৎ নাথৰ পিতৃগৃহ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত সোনতলিছিগা গাঁৱত এতিয়া ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিছে।

Apply Now

হৃদয়বিদাৰক ঘটনাটো পুৱতি নিশাই বনজুইৰ দৰে গাঁওখনত বিয়পি পৰাৰ পিছতে গাঁৱৰ সকলোৱে সৰলমনা আৰু সকলোকে আপোন কৰি লব পৰা গুনৰ অধিকাৰী অভিজিৎ (বাবলু)ৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে।

সোনতলিছিগা গাঁৱৰ নিবাসী প্ৰয়াত ভদীৰাম নাথৰ কনিষ্ঠ পুত্ৰ তথা মৰিগাঁও জিলাৰ কৃষি বিষয়া অজিত নাথ আৰু বৰপেটা চেঙা কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা শশীপ্ৰভা নাথ ডেকাৰ একমাত্ৰ পুত্ৰ অভিজিৎ ওৰফে বাবলু প্ৰখৰ মেধাৱীৰ হোৱাৰ লগতে জীৱজন্তুৰ প্ৰতি তেওঁৰ অগাধ মৰম ভালপোৱা আছিল বুলি গঞা ৰাইজে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে গাঁওবাসীৰ লগতে পৰিয়ালবৰ্গই অভিজিতৰ লগতে নীলোৎপলৰ হত্যাৰ লগত জড়িত দোষীকদৃষ্টান্ত মূলক শাস্তিৰ দাবী জনাই কাইলৈ পুৱা ৯ বজাত গাওঁবাসীৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত গাঁওখনৰ পৰা গৌৰীসাগৰ আৰক্ষী থানালৈকে এক প্ৰতিবাদী মৌন সমদল বাহিৰ কৰা সিদ্ধান্ত লৈছে।

আনহাতে যুৱক দুজনৰ হত্যাকাণ্ডক তীব্ৰভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে ক্ৰমে সোনতলিছিগা বৰ্ণিল সাংস্কৃতিক গোষ্ঠী, শিৱসাগৰ জিলা নাথ যোগী সন্মিলন, চাৰিং আঞ্চলিক কৰ্মচাৰী পৰিষদ, সোনতলিছিগা প্ৰাথমিক ছাত্ৰ সন্থা, সোনতলিছিগা মহিলা সমিটি, বিজেপিৰ গৌৰীসাগৰ মণ্ডল সমিটিকে ধৰি বিভিন্ন দল সংগঠনে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd