কাৰ্বি আলঙৰ প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ গৈ এচাম মানুহৰূপী দানৱৰ নৃশংসতাৰ বলি হোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যখনৰ সকলো হৃদয়বান মানুহক শোকাভূত কৰি তুলিছে।
বন্ধুৰ সৈতে ফুৰিবলৈ গৈ এনেদৰে অনাকাংক্ষিতভাৱে মৃত্যুক সাবটি লোৱা অভিজিৎ নাথৰ পিতৃগৃহ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত সোনতলিছিগা গাঁৱত এতিয়া ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিছে।
হৃদয়বিদাৰক ঘটনাটো পুৱতি নিশাই বনজুইৰ দৰে গাঁওখনত বিয়পি পৰাৰ পিছতে গাঁৱৰ সকলোৱে সৰলমনা আৰু সকলোকে আপোন কৰি লব পৰা গুনৰ অধিকাৰী অভিজিৎ (বাবলু)ৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে।
সোনতলিছিগা গাঁৱৰ নিবাসী প্ৰয়াত ভদীৰাম নাথৰ কনিষ্ঠ পুত্ৰ তথা মৰিগাঁও জিলাৰ কৃষি বিষয়া অজিত নাথ আৰু বৰপেটা চেঙা কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা শশীপ্ৰভা নাথ ডেকাৰ একমাত্ৰ পুত্ৰ অভিজিৎ ওৰফে বাবলু প্ৰখৰ মেধাৱীৰ হোৱাৰ লগতে জীৱজন্তুৰ প্ৰতি তেওঁৰ অগাধ মৰম ভালপোৱা আছিল বুলি গঞা ৰাইজে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে গাঁওবাসীৰ লগতে পৰিয়ালবৰ্গই অভিজিতৰ লগতে নীলোৎপলৰ হত্যাৰ লগত জড়িত দোষীকদৃষ্টান্ত মূলক শাস্তিৰ দাবী জনাই কাইলৈ পুৱা ৯ বজাত গাওঁবাসীৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত গাঁওখনৰ পৰা গৌৰীসাগৰ আৰক্ষী থানালৈকে এক প্ৰতিবাদী মৌন সমদল বাহিৰ কৰা সিদ্ধান্ত লৈছে।
আনহাতে যুৱক দুজনৰ হত্যাকাণ্ডক তীব্ৰভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে ক্ৰমে সোনতলিছিগা বৰ্ণিল সাংস্কৃতিক গোষ্ঠী, শিৱসাগৰ জিলা নাথ যোগী সন্মিলন, চাৰিং আঞ্চলিক কৰ্মচাৰী পৰিষদ, সোনতলিছিগা প্ৰাথমিক ছাত্ৰ সন্থা, সোনতলিছিগা মহিলা সমিটি, বিজেপিৰ গৌৰীসাগৰ মণ্ডল সমিটিকে ধৰি বিভিন্ন দল সংগঠনে।